ashomiyapatrika.com

পলাশবাৰীত ৰামপুৰ ব্লক কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা

0 41

মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ দহালী দখলা মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত বাটৰহাট পূজা মণ্ডপত আজি ৰামপুৰ ব্লক কংগ্ৰেছৰ এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ৰামপুৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি মাখন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱাৰ সভাৰ আঁতধৰে কামৰূপ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰে আৰু উদ্দেশ্যে ব্যাখ্যা কৰে ৰামপুৰ ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদক মুকুট কলিতাই। সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপত্ৰ ৰমেন বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি আৰ. পি. শৰ্মা, উপ-সভাপতি নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি কংকণ দাস, কামৰূপ জিলা

মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী দীপালী তালুকদাৰ, জিলা সম্পাদিকা পূৰ্ণিমা বেগম, কংগ্ৰেছ নেত্ৰী চিত্ৰা বৰুৱাসহ কেইবাজনে কংগ্ৰেছৰ নেতাই উপস্থিত থাকি বিজেপি চৰকাৰক সমালোচনা কৰাৰ লগতে দলটোৰ আগন্তুক পৰিকল্পনা বিষয়ে ভাষণ প্ৰসঙ্গত বিস্তৃতভাৱে উল্লেখ কৰে। সভাত কংগ্ৰেছ দলৰ প্ৰায় শতাধিক নেতা-কৰ্মী উপস্থিত থকা সভাত জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকলৰ লগতে ছয়ানী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি পবিত্ৰ মজুমদাৰ, ৰাণী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি সুবোধ মেধী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.