বকোৰ গামেৰিমুৰাত কোচ ৰাজবংশী পুৰুষ আৰু মহিলা সন্মিলনীৰ যৌথ বাৰ্ষিক অধিবেশন সম্পন্নঃ অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ চৰকাৰলৈ আহ্বান
বকোঃ ৰাজ্যৰ থলগিৰি ভূমিপুত্ৰ জনগোষ্ঠী সমূহৰ অন্যতম জনগোষ্ঠী কোচ ৰাজবংশী সকলোৰ জাতীয় সংগঠন কোচ ৰাজবংশী সন্মিলনীৰ গামেৰিমুৰা শাখাৰ বাৰ্ষিক সভা খন আজি অনুষ্ঠিত হয়। কোচ ৰাজবংশী সন্মিলনীৰ গুৱাহাটী জিলা সমিতিৰ অন্তৰ্গত গামেৰিমুৰা জাকুৱাপাৰাত পুৰুষ আৰু মহিলা সন্মিলনীৰ যৌথ বাৰ্ষিক সাধাৰণ সভা আৰু অধিবেশন অনুষ্ঠিত হয়। কোচ ৰাজবংশী সন্মিলনীৰ গামৰিমুৰা প্ৰাথমিক শাখাৰ সভাপতি পবিত্ৰ দাসৰ পৌৰহিত্যত আৰু সম্পাদক অৰুণ (লীলা) দাসৰ তৎপৰতাত গাওঁৰ ৰাজহুৱা ৰঙ্গমঞ্চত আয়োজন কৰা হয় অধিবেশন খন। সভাত পুৰুষ আৰু মহিলা উভয় গোটৰ সাধাৰণ সভা অনুষ্ঠিত হয়। ইফালে
বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি অমৰেন্দ্ৰ দাসৰ আহ্বানত আয়োজন কৰা অধিবেশনত জাতীয় অস্তিত্বৰ ওপৰত আলোকপাত কৰি বিধি ব্যৱস্থাৰ জৰিয়তে সভাৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। ইফালে সাধাৰণ সভাৰ মজিয়াত আগন্তুক দুই বছৰৰ বাবে পুনৰ পবিত্ৰ দাসক সভাপতি আৰু অম্বিকা দাসক সম্পাদক হিচাপে মনোনীত কৰি গামেৰিমুৰা কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাথমিক শাখাটো গঠন কৰে। একেখন সভাতেই মহিলা সন্মিলনীৰ শাখা সমিতি খনো গঠন কৰা হয়। জাতীয় সংগঠনটোৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশনা অনুসৰি গুৱাহাটী জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি পবিত্ৰ কুমাৰ দাসে পৰ্যবেক্ষক হিচাপে উপস্থিত
থাকে। ইফালে মুকলি সভাত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি অনুপম দাস, মহিলা সন্মিলনীৰ সাধাৰণ সম্পাদিকা জয়া দাস, জিলা সমিতিৰ সাধাৰণ সম্পাদক দীপক কুমাৰ ৰয়ৰ উপৰিও জাতীয় সংগঠনৰ কেৱাগৰাকীও ৰাজ্যিক আৰু জিলা সমিতিৰ বিষয় ববীয়া উপস্থিত থাকে। সভাত সকলো বক্তাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে সংবিধানৰ নীতি মৰ্মে অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ আহ্বান জনায়।