বকোৰ কৰ্ণেবৰীত ষাঠী উৰ্ধৰ বৃদ্ধাৰ কামনাৰ বলি কিশোৰীঃ মহিলা সমাজৰ দাবী ফাঁচী দিয়ক অভিযুক্ত শুকুৰ আলীৰ
ভূক্তভোগী পৰিয়ালক প্ৰাণেমাৰাৰ ভাবুকি শুকুৰৰ
বকোঃ এগৰাকী কু চৰিত্ৰৰ নৰপিশাচৰ কামনাৰ বলি হৈছে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ১ নং যোগীপাৰা গাওঁৰ কৰ্ণেবৰীৰ কিশোৰী। ১৫ বছৰীয়া কিশোৰীগৰাকীক ধৰ্ষণ কৰা অভিযুক্ত লম্পটতোৰ নাম শুকুৰ আলী। বয়স ৬০ উৰ্ধৰ। উল্লেখ্য যে অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীগৰাকীৰ পিতৃ আৰু মাতৃয়ে জনোৱা মতে ছমৰীয়া সমবায় সমিতি লিমিটেডৰ এজেণ্ট দুষ্ট প্ৰকৃতিৰ শুকুৰ আলীয়ে ছাত্ৰী গৰাকীয়ে স্কুললৈ অহা যোৱা কৰোতে মৈৰাচ’ৰা বজাৰত থকা দোকানলৈ ফুচলাই মাতি নিয়ে আৰু প্ৰায়েই ধৰ্ষণ কৰে। এই অপকৰ্মৰ কথা বাহিৰত প্ৰকাশ নকৰিবৰৈ ভয় ভাবুকি দি থাকে। আনহাতে কিশোৰী গৰাকীৰ চাল চলন আৰু শাৰীৰিক অৱস্থা
অৱনতি ঘটাত ঘটনাৰ সবিশেষ পোহৰলৈ আহে। ইয়াৰ পিছতে ঘটনাটো ৰাজহুৱা হোৱাত ঘটনাটোত অভিযুক্ত শুকুৰ আলীয়ে ধনবল আৰু বাহুবলেৰে ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাই আৰু আইনৰ আশ্ৰয় ল’লে পৰিয়ালটোকে প্ৰাণেমাৰাৰ ভাবুকি দিয়ে। ইফালে ঘটনাৰ সবিশেষ বৰ্ণনা কৰি ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে বকো আৰক্ষী থানাত দোষীৰ শাস্তি বিচাৰি এখন এজাহাৰ দাখিল কৰে। পিতৃৰ এজাহাৰৰ ভিত্তিত যোৱা নিশা আৰক্ষীয়ে অভিযুক্ত শুকুৰ আলীক গ্ৰেপ্তাৰ কৰে। ইফালে আজি গাওঁ খনৰ মহিলা সকলে ওলাই আহি সংবাদ মাধ্যমৰ আগত লম্পদ শুকুৰ আলীৰ নিকৃষ্ট কাণ্ডক ঘৃণাৰে ধিক্কাৰ দি ফাঁচীৰ দাবী তোলে। ইফালে গাওঁৰ মহিলা
সকলে নৰপিশাস শুকুৰে পুৰ্বেও একাধিক মহিলা আৰু ছোৱালীক নানান প্ৰলোভন দি ধৰ্ষনৰ দৰে নিকৃষ্ট কাণ্ড সংঘটিত কৰে বুলি জানিবলৈ দিয়ে। লগতে শুকুৰ আলীয়ে সমবায়ৰ এজেণ্ট হোৱা বাবে গাওঁৰ ৰাইজক ধনবল আৰু বাহুবলেৰে নানান চলাহি কথাৰে ভয় ভাবুকিৰে অসৎ কাৰ্য্য সমুহ গাপ দি ৰাখে। এতিয়া ১৫ বছৰীয়া কিশোৰীগৰাকীৰ জীৱন ধ্বংস কৰা শুকুৰক আৰক্ষী প্ৰশাসনে কি শাস্তি দিয়ে সেয়াহে লক্ষ্যনীয় হ’ব৷