ashomiyapatrika.com

অ গ পৰ বকো – ছয়গাঁও বিধান পৰিষদ পৰিচালনা সমিতি গঠনঃ গোলাপ মেধিক সভাপতি, আৰু ৰজিত বড়ো, ঘনশ্যাম কলিতা, ৰঞ্জিত দলৈক সম্পাদকৰ দায়িত্ব

0 58

বকোঃ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত সজিৱ হৈ থকা ৰাজনৈতিক দ’ল অসম গণ পৰিষদৰ কামৰূপ জিলাৰ বকো – ছয়গাঁও বিধান পৰিষদৰ আজি সাধাৰণ সভা অনুষ্ঠিত হয়। উল্লেখ্য যে পূৰ্বৰ বকো বিধান পৰিষদ আৰু বৰ্তমানৰ অসম চৰকাৰে সমষ্টি পুণঃগঠন কৰি বকো – ছয়গাঁও বিধান পৰিষদ হিচাপে নামাকৰণ কৰি দুয়ো স্থানৰ দলীয় কৰ্মী আৰু বিষয় ববীয়াৰ উপস্থিতিত আয়োজন কৰা হয় সভা খন। কামৰূপ জিলা অসম গণ পৰিষদৰ সভাপতি খগেন নাথৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বকো বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰজিত বড়োই। সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন

মন্ত্ৰী বৰ্তমানৰ অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতা আৰু দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা বকোৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসে পৰ্য্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰে। দলীয় সভা খনত পূৰ্বৰ বকো বিধান পৰিষদ আৰু ছয়গাঁও বিধান পৰিষদ দুখন একলগ কৰি বকো – ছয়গাঁও বিধান পৰিষদ নাম দি আজি গঠন কৰে সমিতি খন। সভাত দলৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি দলীয় কৰ্মীৰ মতামতৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি পৰ্য্যবেক্ষক সহ নিৰ্বাচক মণ্ডলীৰ মতামতৰ জৰিয়তে অ গ পৰ সক্ৰিয় যুৱ নেতা গোলাপ মেধিক সভাপতি ঘোষণা কৰে। ইফালে ৰজিত বড়ো, ঘনশ্যাম কলিতা আৰু ৰঞ্জিত

দলৈক সাধাৰণ সম্পাদক হিচাপে ঘোষণা কৰে আৰু ইয়াৰ এজনক তথ্য আৰু জনসংযোগ বিভাগৰ দায়িত্ব দিয়া হ’ব বুলি ঘোষণা কৰে। ইফালে জ্যোতিপ্ৰসাদ দাস আৰু পৰাণজ্যোতি দাসক ৰাজ্যিক সদস্য হিচাপে নিৰ্বাচিত কৰা হয়। দলটোক ৰাইজৰ সহযোগত শক্তিশালী কৰি তুলিবলৈ বকো আৰু ছয়গাঁওৰ দলৰ আস্থাভাজন কৰ্মীক লৈ উপ সভাপতি, সহকাৰী সম্পাদক, উপদেষ্টা আৰু অন্যান্য বিষয় ববীয়াক মনোনীত কৰি গঠন কৰা হয় বকো – ছয়গাঁও বিধান পৰিষদ পৰিচালনা সমিতি খন। আজি গঠন হোৱা সমিতিয়ে অনাগত দিনত দলটোক শক্তিশালী কৰাৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি জানিব দিয়ে নতুন সভাপতি গোলাপ মেধি আৰু সম্পাদক ৰজিত বড়োই।

Leave A Reply

Your email address will not be published.