ashomiyapatrika.com

ডিজিটেল বৈষম্যৰ বাবে প্ৰাণ গ’ল এগৰাকী গৰিব নিৰীহ ছাত্ৰৰ

0 32

নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজী, শিলচৰৰ একাডেমী অফ ডিনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰকঃ এছ এফ আই

গুৱাহাটীঃ এগৰাকী ছাত্ৰক আত্মহত্যা কৰাৰ বাবে বাধ্য কৰোৱাৰ বাবে নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজী (NIT), শিলচৰৰ একাডেমী অফ ডিনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে আৰু অনশনৰত ছাত্ৰ – ছাত্ৰীৰ ওপৰত কৰা বৰ্বৰ আক্ৰমনক তীব্ৰ ভাষাৰে গৰিহণা দিছে। প্ৰাপ্ত বাতৰি মতে যোৱা ১৫ ছেপ্টেম্বৰ তাৰিখে এন আই টি শিলচৰ কলেজৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰ কোজ বুকেৰৰ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়৷ কোজেৰ সহপাঠীৰ

পৰা জানিব পৰা মতে দৰিদ্ৰ  পৰিয়ালৰ সন্তান কোজে কোৰোনা কালছোৱাত অন্যান্য ছাত্ৰ – ছাত্ৰীৰ দৰে ঘৰতে থাকিব লগা অৱস্থাত  ইণ্টাৰনেটৰ দুৰ্বল ব্যবস্থাৰ বাবে ক্লাছ কৰাটো সম্ভৱপৰ হোৱা নাছিল। সেয়ে পঞ্চম চেমিষ্টাৰত কেইবাটাও বিষয়ত বেক লগাৰ পৰিপ্ৰেক্ষিতত তেওঁ  নামভৰ্তিৰ বাবে বাৰম্বাৰ কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰে যদিও কৰ্তৃপক্ষই তেওঁৰ আবেদন নাকচ কৰে। কোজে ১৫ ছেপ্টেম্বৰৰ দিনৰ ভাগত অকাডেমিৰ অফ ডিন বিনয়কৃষ্ণ ৰয়ৰ ওচৰত গৈ পুনৰ  অনুৰোধ জনায় যদিও বিষয়টো

সহানুভূতিৰে বিবেচনা কৰা বিপৰীতে সকলোৰে সন্মুখত ডিন ৰয়ে কোজক উচ্চ বাচ্য কৰি তেওঁৰ আবেদন পত্ৰখন ফালি পেলায়। এই ঘটনাৰ পিছতে নিজৰ সমস্যাৰ কোনো সমাধান নেদেখি মানসিকভাৱে ভাগি পৰা কোজে জীৱনৰ চৰম সিদ্ধান্ত আত্মহত্যাৰ দৰে পথ বাচি ল’য়।এছ এফ আয়ে কোভিডৰ সময়ৰ পৰা কৈছে যে ডিজিটেল শিক্ষাই ছাত্ৰ ছাত্ৰীৰ মাজত বৈষম্যৰ সৃষ্টি কৰিছে। তেতিয়াও বহু ছাত্ৰই আত্মহত্যা কৰিছিল আৰু ইয়াৰ কুপ্ৰভাৱৰ সাক্ষী আমি এতিয়া পৰ্যন্ত হৈ আছোঁ। এন আই টিৰ ছাত্ৰ কুজ বুকেৰৰ

আত্মহত্যাৰ ঘটনাই ডিজিটেল বৈষম্যক পুনৰ প্ৰমাণ কৰিলে। স্বাভাৱিকতে এই অতি মৰ্মান্তিক আৰু হৃদয়বিদাৰক ঘটনাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হয় আৰু অনশনৰ দৰে সৰ্বাত্মক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এনে এক অৱস্থাত এন আই টিৰ ছাত্ৰ – ছাত্ৰীসকলৰ লগত  কৰ্তৃপক্ষই বিষয়টো সম্পৰ্কে আলোচনা কৰাৰ পৰিৱৰ্তে নিজৰ বৰ্বৰতা প্ৰদৰ্শন কৰি প্ৰশাসনৰ দ্বাৰা নিৰ্যাতন চলায়। ভাৰতবৰ্ষৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ এই গৰ্হিত কাণ্ডক  ভাৰতৰ ছাত্ৰ ফেডাৰেচন তীব্ৰ ভাষাৰে গৰিহণা  দিছে। লগতে

অনশনৰত তথা আন্দোলনকাৰী ছাত্ৰ – ছাত্ৰীৰ এই আন্দোলনক পূৰ্ণ সমৰ্থন জনাই কোজৰ মৃত্যুৰ এক উচিত আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ সভাপতি হৰ্ষজিৎ দাস আৰু সম্পাদক সংগীতা দাসে৷

Leave A Reply

Your email address will not be published.