মিৰ্জাস্থিত ডায়েট কামৰূপত কাব্যগ্ৰন্থ উন্মোচন
মিৰ্জাঃ পলাশবাৰীৰ মিৰ্জাস্থিত ডায়েট কামৰূপত পোন প্ৰথমবাৰৰ বাবে আজি প্ৰশিক্ষাৰ্থীৰ কাব্যগ্ৰন্থ উন্মোচন কৰা হয়। শাৰিৰীকভাৱে কিছু অক্ষম যদিও কবি, অতি মেধা সম্পন্ন তথা ডায়েটৰ প্ৰশিক্ষাৰ্থী হিৰকজ্যোতি দাসৰ মাতৃ স্বৰ্গীয়া সুমিত্ৰা দাসৰ প্ৰতিছবিত পূষ্পাঞ্জলি প্ৰদান আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণী কৰা হয়। ডায়েট কামৰূপ, মিৰ্জাৰ জেষ্ঠ্য প্ৰৱক্তা ডেইজী গগৈৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্যে বাখ্যা কৰে ভাস্কৰজ্যোতি বৰুৱাই আৰু আদৰণি ভাষণ পাঠ কৰে লেখক হিৰকজ্যোতি দাসে। গাম্ভীৰ্যপূৰ্ণ
পৰিবেশৰ মাজত অনুষ্ঠিত উক্ত সভাত হীৰকজ্যোতি দাসৰ “হৃদয়ৰ কাৰেং” নামৰ কাব্যগ্ৰন্থ খন ডায়েট কামৰূপৰ জেষ্ঠ্য প্ৰৱক্তা ডেইজী গগৈ, ভূপেন দাস আৰু পানেশ্বৰ গোস্বামীয়ে উন্মোচন কৰে। উপস্থিত আটাইকেইগৰাকী প্ৰৱক্তাই ভাষণৰ জড়িয়তে হীৰকজ্যোতি দাসৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে পৰৱৰ্ত্তী সময়ত হীৰকজ্যোতি দাসক লিখি যাবলৈ প্ৰেৰণা যোগায়।