ashomiyapatrika.com

বকোত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ প্ৰস্তুতিঃ ঘোষানাম, বৰগীত, লোকগীত আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন

0 40

বকোঃ আধুনিক বৰ অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্ত্তক তথা বৈষম্যহীন সমাজ গঢ়ি সাহিত্য ক’লা সংস্কৃতিৰ সাধক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি কামৰূপ জিলাৰ বকোতো উদযাপন কৰা হয়। বকো আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু আবিৰ্ভাৱ তিথি পালন সমিতিৰ সহযোগত বিগত বছৰবোৰৰ দৰে এই বৰ্ষও আয়োজন কৰা হৈছে গুৰু জনাৰ আৱিৰ্ভাৱ তিথি। বকো আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জনাৰ্দ্দন অধিকাৰী, কাৰ্য্যকৰী সভাপতি থানেশ্বৰ ৰাভা আৰু সম্পাদক ৰঞ্জিত দলৈয়ে জনোৱা মতে এই বেলি গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মোৎসৱৰ লগত সংগতি ৰাখি

আয়োজন কৰা হৈছে তাত্ত্বিক আৰু আধ্যাত্মিক ভিন্ন কাৰ্য্যসূচী। অহা ২৩ আৰু ২৪ চেপ্তেম্বৰ দুদিনীয়া কৈ আয়োজন কৰা গুৰু জনাৰ তিথি পৰিচালনা কৰিবলৈ সমাজ সংগঠক মনোৰঞ্জন কলিতাক সভাপতি, মনোজ অধিকাৰী আৰু কৌশিক কলিতাক যুটীয়া সাধাৰণ সম্পাদক আৰু বহু সংখ্যক বিষয় ববীয়াক মনোনীত কৰি গঠন কৰা হৈছে অভ্যৰ্থনা সমিতি খন। অনুস্থানত আয়তীৰ ঘোষানাম, ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন, শিল্পী সকলোৰ জৰিয়তে বৰগীত আৰু লোকগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। ইফালে ধৰ্মধ্বজা উত্তোলন, ভাগৱত শোভাযাত্ৰা, গছ পুলি ৰোপন, বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জানিব দিয়ে সভাপতি মনোৰঞ্জন কলিতাই।

Leave A Reply

Your email address will not be published.