প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি ‘সেৱা পষেক’ কাৰ্যসূচী গ্ৰহণ অসম ৰাজ্যিক বিজেপিৰ
গুৱাহাটীঃ ভাৰতৰ প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে ঘোষাণা কৰিছে বিশেষ ‘সেৱা পষেক’। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ইতিমধ্যে ভাৰতৰ সমগ্ৰ ৰাজ্যলৈ এই বিশেষ কাৰ্যসূচীৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে। এই নিৰ্দেশনা অনুসৰি সেই ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ সমিতিয়ে গ্ৰহণ কৰিছে কিছু গুৰুত্বপূৰ্ণ কার্যসূচী। ইতিমধ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ১৭ চেপ্তেম্বৰৰ পৰা আৰাম্ভ হোৱা এই ‘সেৱা পষেক’ কাৰ্যসূচী অহা ২ অক্টোবৰত সামৰণি পৰিব। বিজেপি অসম প্রদেশ সমিতিয়ে গ্ৰহণ কৰা সেৱা পষেক কার্যসূচী সমূহ এনেধৰণৰ— ইতিমধ্যে ১৭ চেপ্তেম্বৰত বিজেপি অসম
প্ৰদেশৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্ব অৰু কৃতিত্বৰ ওপৰত এক বিশেষ প্রদর্শনী৷ সেৱা পষেকৰ লগত সংগতি ৰাখি ১৭ চেপ্তেম্বৰত ইতিমধ্যে কেন্দ্ৰীয়ভাৱে প্রধান মন্ত্রী মোদীয়ে শুভ উদ্বোধন কৰে ‘প্ৰধান মন্ত্ৰীৰ বিশ্বকৰ্মা’ আঁচনি । অসমত এই আঁচনিৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটীত উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সণোৱাল আৰু ডিব্ৰুগড়ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। ১৭ চেপ্তেম্বৰৰ পৰা ২৪ চেপ্তেম্বৰলৈ সমগ্ৰ অসমজুৰি চলিব ‘আয়ুষ্মান ভৱ সপ্তাহ’। এই কাৰ্যসূচীৰ জৰিয়তে আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰীৰ জন আয়োগ খোঁজনাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে আয়ুষ্মান কার্ড পঞ্জীয়ন কৰাৰ লগতে প্রাপ্য
সকলক এই কার্ড বিতৰণ কাৰণে ব্যবস্থা গ্ৰহণ কৰা হ’ব। ১৮ চেপ্তেম্বৰৰ পৰা ২৪ চেপ্তেম্বৰলৈ ভৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত অসমৰ প্ৰতিখন জিলাত বিনামূলীয়া ৰক্তদান শিবিৰ অনুষ্ঠান কাৰ হ’ব। ১৮ চেপ্তেম্বৰৰ পৰা ২৪ চেপ্তেম্বৰলৈ বিজেপি মহিলা মৰ্চাৰ উদ্যোগত অসমৰ প্ৰতিখন জিলাত জিলা বিজেপিৰ তত্বাবধানত অনুষ্ঠিত হ’ব বিনামূলীয়া স্বাস্থ্য শিবিৰ। অসমৰ চাহ বাগিচা সমূহতো চাহ জনগোষ্ঠি মৰ্চাৰ সহযোগত এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব। অহা ২৫ চেপ্তেম্বৰত অসমৰ প্ৰতিতো বুথ ভৰত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মজয়ন্তী পালন কৰিব বিজেপি অসম প্রদেশ। সিদিনা এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি তেখেতৰ ফটোত মাল্যাপৰ্ণ কৰাৰ
লগতে দীনদয়াল উপাধ্যায় ব্যক্তিত্ব কৃতিত্ব আৰু বিচাৰৰ ওপৰত এক কার্যক্রম অনুষ্ঠিত কৰিব। ২৬ চেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ সমগ্ৰ অসম জুৰি ব্যাপক ৰূপত চলিব দ্বিত্বীয় পৰ্যায়ৰ বুথ সশক্তিকৰণ অভিযান, ২৫ চেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ অসমৰ অনুসূচিত জাতি অধ্যুষিত অঞ্চলত বিজেপি অনুসুচিত জাতি মৰ্চা, সংখ্যালঘু অঞ্চলত বিজেপি সংখ্যালঘু মৰ্চা জনজাতি অধ্যুষিত অঞ্চলত বিজেপি জনজাতি মৰ্চাৰ উদ্যোগত ‘গাওঁ সম্পর্ক’ অভিযান কার্যসূচী গ্ৰহণ কৰিব। ২ অক্টোবৰৰ দিনাখন সেৱা পষেকৰ শেষ কাৰ্যসূচী হিচাপে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ পবিত্র জন্মদিন উপলক্ষে বিজেপি অসম প্রদেশ অসমৰ প্ৰতিটো বুথৰ ৰাজহুৱা
স্থানত ‘স্বচ্চতা অভিযান’ কার্যক্রম আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপি অসম প্ৰদেশৰ নেতৃবৃন্দই প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা এই ‘সেৱা পষেক’ৰ সকলো কার্যক্রম সফল ভাৱে ৰূপায়িত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বস্তৰৰ কৰ্মকৰ্তাক আহ্বান জনোৱাৰ লগতে অসমৰ প্ৰতিগৰাকী ব্যক্তিক এই কাৰ্যসূচীৰ লগত সংলগ্ন হবলৈ বিনম্র আগ্ৰহ প্ৰকাশ কৰিছে।