ashomiyapatrika.com

বকোতো বিশ্ব খনিকৰ বাবা বিশ্বকৰ্মাৰ পূজা আৰু বন্দনাঃ শ্ৰী কৃষ্ণ প্ৰিন্টাৰ্চৰ ফ্লেক্স মেচিন উদ্ঘাটন

0 25

বকোঃ আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। সমগ্ৰ বিশ্বৰ লগতে কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলটো ভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰিও চৰকাৰী কাৰ্য্যালয় আৰু অন্যান্য অনুস্থানত পূজাৰ আয়োজন কৰা হৈছে। ঠিক তেনেদৰে বকোস্থিত অতি পুৰণি অফছেট প্ৰেছ শ্ৰী কৃষ্ণ প্ৰিন্টাৰ্চত এক মাংগলিক পৰিবেশত আয়োজন কৰা হৈছে বিশ্ব খনিকৰৰ পূজা। শ্ৰী কৃষ্ণ প্ৰিন্টাৰ্চৰ স্বত্বাধিকাৰী বিনীতা দৈমাৰী আৰু নমল (সদানন্দ) দৈমাৰীয়ে জনোৱা মতে প্ৰতি বছৰৰ দৰে এই বৰ্ষও আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা। এই বেলি পূজাৰ আগে আগে প্ৰেছত সংযোজন কৰা হৈছে অত্যাধুনিক কাৰিকৰী সা সুবিধাৰ ফ্লেক্সি মেচিন। মেচিনত উপলব্ধ হ’ব উন্নত মানৰ ফ্লেক্স বেনাৰ। ইফালে বকোৰ মটৰ চালক আৰু যন্ত্ৰ পাতিৰ গৰাকী সকলেও পালন কৰে বিশ্বকৰ্মা পূজা।

Leave A Reply

Your email address will not be published.