ashomiyapatrika.com

শিখামণি বড়োক নিপুণ কৰ্মদক্ষ বঁটা প্ৰদান

0 71

চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক সা সজুঁলি আৰু উন্নত চিকিৎসাৰ প্ৰতিস্থান পলিক্লিনিক এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ অষ্টম বাৰ্ষিক বৰ্ষ পূৰ্তি অনুস্থান

বকোঃ কামৰূপ জিলাৰ বকোত চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক সা সজুঁলি আৰু উন্নত চিকিৎসাৰ অন্যতম প্ৰতিষ্ঠান পলিক্লিনিক এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ প্ৰতি বছৰে ১৬ চেপ্তেম্বৰত অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱস। এই বৰ্ষও বিস্তৃত কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী।বি পি আৰ চি অৰ্থাৎ বকো পলিক্লিনিক এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ স্বত্বাধিকাৰী তথা বিশিষ্ট সমাজ সেৱক নেভিল চণ্ডি আৰু ডাঃ অমিয়া ৰাভাৰ তত্বাৱধানত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ বৰ্ণিল কাৰ্য্যসূচীত দিনৰ ভাগত নাম প্ৰসংগ, নৃত্য গীত পৰিৱেশন কৰে। ইফালে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ বি আলীৰ জৰিয়তে যাদু প্ৰদৰ্শন কৰা হয়। ইফালে প্ৰতিস্থানটোৱে

প্ৰদান কৰে বিশেষ বাৰ্ষিক বঁটা। এই বেলি শিখামণি বড়োক শ্ৰেষ্ঠ্য নিপুণ কৰ্মদক্ষ নাৰ্চৰ সন্মান প্ৰদান কৰে। উল্লেখ্য যে বি পি আৰ চিৰ কাৰ্য্যালয়ৰ কৰ্মী তথা প্ৰতিভাবান শিল্পী ৰাম কিষাণে আত ধৰা অনুস্থানত সহযোগ আগবঢ়াই যুৱ শিল্পী হিৰণ্য কুমাৰ নাথ, বিক্ৰম কলিতাকে ধৰি বহু কৰ্মীয়ে। নিশা সাংস্কৃতিক অনুষ্ঠানত কন্ঠশিল্পী ডাঃ সুদীপ ৰঞ্জন মেধি আৰু কৰিষ্মা কৌশিকৰ মন পৰশা গীত মাতৰ অনুস্থান পৰিবেশন কৰা হয়।

Leave A Reply

Your email address will not be published.