প্ৰতিজন যোগ্য ব্যক্তিক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ প্ৰয়াসঃ ১৭ছেপ্টেম্বৰৰ পৰা কামৰূপ জিলাতো আয়ুষ্মান ভৱ অভিযান
গুৱাহাটীঃ আয়ুষ্মান কাৰ্ডসহ স্বাস্থ্য বিভাগৰ বিভিন্ন জনমুখী আঁচনিৰ সুবিধা যাতে প্ৰতিজন যোগ্য ব্যক্তিয়ে লাভ কৰিব পাৰে তাৰবাবে দেশৰ অন্যান্য লগতে কামৰূপ জিলাতো অহা ১৭ ছেপ্টেম্বৰৰ পৰা বিশেষ অভিযান আৰম্ভ হ’ব। আজি সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত নৰসিংহ বেই এই কথা প্ৰকাশ কৰি কয় যে, ‘আয়ুষ্মান ভৱ’ শীৰ্ষক এই কাৰ্যসূচীৰ অধীনত প্ৰতিজন যোগ্য হিতাধিকাৰীকে বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে আয়ুষ্মান কাৰ্ড প্ৰদান কৰিব বিচৰা হৈছে। তাৰবাবে স্বাস্থ্য কৰ্মী সকলে গাঁৱে-গাৱে গৈ প্ৰচাৰ চলোৱাৰ লগতে প্ৰতিখন সমূহীয়া স্বাস্থ্য কেন্দ্ৰতে মাহদিনীয়াকৈ ‘আয়ুষ্মান মেলা’ অনুষ্ঠিত
কৰিবলৈ লোৱা হৈছে। স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত কমল বৰুৱা আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডা মহীতোষ বেনাৰ্জীয়ে জনোৱা মতে প্ৰথম সপ্তাহত ইয়াত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা সাধাৰণ অসঞ্চাৰী ৰোগৰ চিকিৎসা কৰোৱা হ’ব। দ্বিতীয় সপ্তাহত যক্ষ্মা আদি সোঁচৰা ৰোগৰ চিকিৎসা কৰা হব। তৃতীয় সপ্তাহত প্ৰসূতি মাতৃ আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টি সম্পৰ্কত সেৱা আগবঢ়োৱা হ’ব। চতুৰ্থ সপ্তাহত জনজাতীয় অধ্যুষিত অঞ্চলত সিকল চেল ৰোগ আৰু অজনজাতীয় অঞ্চলত চকুৰ ৰোগৰ চিকিৎসা সেৱা আগবঢ়োৱা হ’ব। কামৰূপ জিলাৰ অজাৰা, বকো, ছয়গাঁও, কমলপুৰ, ৰঙিয়া, শুৱালকুছি, উপৰহালি, ৰাণী,
হাজো, শিঙিমাৰী, বেজেৰা, মিৰ্জা, গৰৈমাৰী আদি মুঠ ১৫ খন সমূহীয়া স্বাস্থ্য কেন্দ্ৰত এই মেলা দুমাহ ধৰি আৰু স্বাস্থ্য কেন্দ্ৰ সমূহত এমাহ ধৰি অনুষ্ঠিত হ’ব। ৰাণী স্বাস্থ্য কেন্দ্ৰত অহা ২২ ছেপ্টেম্বৰত আৰু বকো স্বাস্থ্য কেন্দ্ৰত অহা ২৪ ছেপ্টেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াব বুলি আজিৰ সংবাদ মেলত সদৰি কৰা হয়। এই মেলা সমূহত স্থানীয় জনপ্ৰতিনিধি সকলো উপস্থিত থকাৰ কথা। ইয়াৰ উপৰি প্ৰতিখন গাঁও আৰু চহৰৰ ৱাৰ্ডত অহা ২ অক্টোবৰত আয়ুষ্মান সভা অনুষ্ঠিত কৰা হব, যত স্বাস্থ্য সম্পৰ্কীয় সজাগতামূলক আলোচনা কৰা হ’ব। ইয়াৰ সমান্তৰালভাৱে ৰক্তদান শিবিৰ, অঙ্গদানৰ
শপত আদি কাৰ্যসূচীৰো ব্যৱস্থা কৰা হৈছে। সংবাদমেলত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে। তেওঁ সকলো আগ্ৰহী যোগ্য ব্যক্তিকে নিজৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড সহ আয়ুষ্মান কাৰ্ডৰ বাবে স্থানীয় খণ্ড স্বাস্থ্য কেন্দ্ৰলৈ গৈ যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে এই কাৰ্ডৰ অধিকাৰী সকলে বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰে। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে এই সুবিধা প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰাটো নিশ্চিত কৰিব বিচাৰি এই বিশেষ অভিযান চলাইছে বুলি তেওঁ জানিবলৈ দিয়ে।