ashomiyapatrika.com

ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীৰ নামত অবৈধভাৱে ভূমি ক্ৰয়- ১০ কোটি টকাৰ ৰাজ সাহায্য গ্ৰহণ প্ৰসংগঃ জাতীয় পৰিষদৰ সংবাদমেল

0 46

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে তেওঁৰ পত্নীয়ে চৰকাৰৰ পৰা ৰাজসাহায্য লোৱা নাই৷ হয় লোৱা নাই৷ লোৱা বুলি আমিও কোৱা নাই৷ আমি কৈছো- ল’বলৈ গৈ আছিল৷ লোৱাৰ আগতে ধৰা পৰিল৷ বাতৰি ওলাই গ’ল৷ গতিকে এতিয়া নলওঁ বুলি কৈছে৷ এই মন্তব্য লুৰীনজ্যোতি গগৈৰ৷ আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে লগতে কয় মুখ্যমন্ত্ৰীৰ পত্নীয়ে ১০ কোটি টকাৰ ৰাজসাহায্যটো লোৱা নাই বুলি ক’লেও ভাৰত চৰকাৰৰ official তথ্যত এইটো স্পষ্টকৈ কোৱা হৈছে যে Pride East Entertainment Pvt. Ltd. নামৰ কোম্পানীৰ নামত ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰ্যালয়ৰ পৰা প্ৰধান মন্ত্ৰী

কৃষক সম্পদ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজ সাহায্য অনুমোদন হৈছে৷ অনুমোদন হোৱা আৰু টকা লোৱাৰ মাজত বৰ বেছি পাৰ্থক্য নাই৷
তদুপৰি, যোৱা ২২ মাৰ্চত বিজেপি সাংসদ পল্লৱ লোচন দাসে অসমৰ ঔদ্যোগিক ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিনিয়োগৰ কি ব্যৱস্থা কৰিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পিয়ুষ গোৱেলে লোকসভাত এখন তালিকা দাখিল কৰিছিল৷ উক্ত তালিকাত অসমৰ কোনকেইটা প্ৰতিষ্ঠানক কেন্দ্ৰীয় চৰকাৰে উদ্যোগ স্থাপনৰ বাবে ৰাজ সাহায্য আগবঢ়াইছে, তাৰ বৰ্ণনা দিয়া আছে৷ উক্ত তালিকাত Pride East Entertainment Pvt. Ltd. নামৰ কোম্পানীটোক ১০ কোটি টকাৰ ৰাজ সাহায্য অনুমোদন জনোৱা বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷

এতিয়া প্ৰশ্ন হ’ল, মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানী Pride East Entertainment Pvt. Ltd.য়ে ৰাজসাহায্য বিচাৰি আবেদন কৰিছিল নে নাই? যদি কৰিছিল, তেতিয়াহ’লে ঠিকেই আছে, কৰিছে কাৰণে অনুমোদন পাইছে, সোনকালে টকাও পাব৷
কিন্তু যদি কৰা নাছিল, তেতিয়া হ’লে কেন্দ্ৰীয় চৰকাৰৰ তালিকাত Pride East Entertainment-ৰ নাম আহিল কেনেকৈ? তাৰ মানে কেন্দ্ৰীয় চৰকাৰে মিছা মাতিছে নেকি? সংসদত কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰীয়ে দিয়া তথ্যখিনি ভুল নেকি? যদি এনেকৈয়ে হৈছে, তেনেহ’লে মুখ্যমন্ত্ৰী বা তেওঁৰ পত্নীয়ে কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰ্যালয়ৰ আমোলা-বিসয়াসকলৰ ওপৰত গোচৰ তৰিবনে? মন্ত্ৰী পীয়ুষ গোৱেলৰ ওপৰত গোচৰ তৰিবনে?

দ্বিতীয় কথা
ৰাজ সাহায্য লোৱা বা আবেদন কৰাতকৈ ডাঙৰ কথাটো হ’ল অবৈধ উপায়েৰে মাটি ক্ৰয় কৰাটো৷
অভিযোগ উঠিছে যে মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানী Pride East Entertainment Pvt. Ltd.-য়ে নগাঁও জিলাৰ কলিয়াবৰ দৰিগাজি গাঁৱত প্ৰথমে ৫০ বিঘা আৰু তাৰ পিছত আন ৫৬ বিঘা কৃষি মাটি ক্ৰয় কৰিছে৷
 মুখ্যমন্ত্ৰীয়ে কৈছে যে মাটি কিনাত কি অসুবিধা, কোমপানীয়েহে কিনিছে, উদ্যোগ স্থাপনৰ বাবে কিনিছে৷
আমি কৈছো, যি কাৰণতে নিকিনক, কিনাটো আইনবিৰোধী হৈছে৷

কেনেকৈ?
আইনে কৈছে যে এগৰাকী ব্যক্তি বা প্ৰতিষ্ঠানে নিজৰ নামত ৫০ বিঘাতকৈ অধিক মাটি ৰাখিব নোৱাৰে৷ Assam Fixation of Ceiling On Land Holding Act, 1956 (Assam Act 1957)-ৰ Chapter II, Clause4 (1)-ত এই কথা স্পষ্টভাৱে কোৱা হৈছে৷
প্ৰশ্ন হ’ল- কোম্পানীয়ে পাৰে নে নোৱাৰে? পাৰে যদিহে তাত কিবা Fatory, Mill, চাহ বাগান আদি আছে৷ কিন্তু দৰিগাজি গাঁৱৰ উক্ত মাটিত তেনে একো নাই৷ এইখিনি সম্পূৰ্ণ কৃষি ভূমি৷

দ্বিতীয়ে, একেখন আইনৰে Chapter I ৰ clause 2 (1), 2.2 (2 আৰু 3)ত যিবোৰ Exception দিয়া হৈছে, তাত Pride East Entertainment Cimpany Pvt. Ltd. নপৰে৷ সেয়ে এই কোম্পানীটো এটা Indivisual হিচপেহে গণ্য হ'ব৷ 

সেই হিচাপত উক্ত কোম্পানীয়ে ৫০ বিঘাতকৈ অধিক মাটি ৰাখিব নোৱৰে৷
আনহাতে অসম চৰকাৰৰ Land and Revinue Regulations-ৰ Executive Instructions-ৰ Chapter II-ৰ Clause 6ত Restrictions of Transfer অধ্যায়ত কোৱা হৈছে যে কোনো অনা কৃষকে (Non professional Cultivator) বৃত্তিধাৰী কৃষক (Professional Cultivator)ৰ মাটি কিৱিব নোৱাৰিব৷ এইটো একেবাৰে স্পষ্ট৷

যদি কোনো বৃত্তিধাৰী কৃষক (Professional Cultivator) য়েও আনকি আন বৃত্তিধাৰী কৃষক (Professional Cultivator)ৰ মাটি কিনিবলগীয়া হয়, তেনেহ’লে জিলা উপায়ুক্ত (Deputy Commissioner)ৰ পৰা আগতীয়া অনুমোদন লব লাগিব৷ জিলা উপায়ুক্তই অনা কৃষকক বৃত্তিধাৰী কৃষকৰ মাটি বিক্ৰিত অনুমোদন দিবই নোৱাৰে বুলি Rule-ত স্পষ্টভাৱে কোৱা হৈছে৷
এতিয়া প্ৰশ্ন হ’ল, ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী বৃত্তিধাৰী কৃষক (Professional Cultivator)ৰ হয়নে? নে তেখেত উদ্যোগী (Entrepreneur)? Pride East Entertainment Pvt. Ltd.ৰ ৱেবছাইটতে হওক বা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী শপৎনামা হওক, সকলোতে তেখেতক উদ্যোগী বুলি কোৱা হৈছে৷ তেখেতৰ কোম্পানী Pride East

Entertainment Pvt. Ltd. হঠাতে কেতিয়া কেনেকৈ বৃত্তিধাৰী কৃষক (Professional Cultivator) হৈ পৰিল?
দ্বিতীয় যিটো অনিয়ম তেখেতে কৰিছে, সেয়া হ’ল মাটিৰ শ্ৰেণী পৰিৱৰ্তন (Re-classification).
মাটিৰ শ্ৰেণী পৰিৱৰ্তনৰ বিষয়টো Assam Land Records Manual আৰু Assam Agricultural Land (Tegulation of Reclassification and Transfer for Non Agricultural Purpose) Act, 2015 অনুসৰি সম্পাদিত হয়৷
উক্ত আইন আৰু Manualত স্পষ্টভাৱে কোৱা হৈছে যে যদি কোনোবা কৃষি ভূমি কৃষিৰ অনুপযোগী হৈ গৈছে বা কমেও দহ বছৰ কৃষি নোহোৱাকৈ পৰি আছে, তেনেহ’লে সেই ভূমি জিলা উপায়ুক্ত আৰু দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰী কৰ্তৃপক্ষৰ অনুমোদন মৰ্মে শ্ৰেণী পৰিৱৰ্তন কৰি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰিব পাৰি৷

কিন্তু দৰিগাজী গাঁৱৰ যি ১০৬ বিঘা শেহতীয়াকৈ ৰিণিকী ভূঞা ডাঙৰীযযানীৰ কোম্পানীয়ে কিনিছে, সেয়ে কৃষি কৰ্ম হৈ থকা, কৃষি যোগ্য মাটি৷ গতিকে এই মাটি যে নিয়ম উলংঘা কৰি, উদ্দেশ্য প্ৰণোদিতভাৱে Re-classified বা শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে সেয়া স্পষ্ট৷
তৃতীয় কথা
এই যে অনাকৃষকে বৃত্তিধাৰী কৃষকৰ মাটি কিনিব নোৱাৰিব বুলি আইনত কোৱা হৈছে বা মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰিব নোৱাৰিব বুলি কোৱা হৈছে, এইবোৰ চোৱা-চিতা কৰাৰ দায়িত্ব কাৰ? জিলা উপায়ক্ত, ৰাজহ চক্ৰ বিষয়া, মণ্ডল-কানুনগো এইসকল চৰকাৰী চাকৰিয়ালৰ নহয়নে? তেওঁলোক ৰাইজৰ কৰ-কাটলৰ ধনেৰে দৰমহা পোৱা ব্যক্তি হিচাপে ৰাইজৰ সেৱক

নহয়নে? তেওঁলোকে আইন মতে কাম কৰিব নে কোনোবা ব্যক্তিৰ নিৰ্দেশ মৰ্মে বেআইনীভাৱে কাম কৰিব?
জিলা উপায়ুক্তই কৃষকৰ কৃষিকৰ্ম হৈ থকা ভূমি অনাকৃষকৰ ওচৰত বিক্ৰি কৰা আৰু তাৰ লগে লগে মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰা – এই বেআইনী/নীতি বহিৰ্ভূত কামত অনুমোদন দিলে কেনেকৈ?
গতিকে এই সমগ্ৰ ভূমি কেলেংকাৰীৰ এটা ন্যায়িক তদন্ত হ’ব লাগে আৰু তদন্তত লগতে জিলা উপাযযুক্ত, মহকুমাধিপতি, ৰাজহ চক্ৰ বিষয়া, মণ্ডল-কানুনগো সকলোকে তদন্তৰ আওতালৈ আনিব লাগে৷

Leave A Reply

Your email address will not be published.