ashomiyapatrika.com

শ্বহীদ কনকলতা আত্মবলিদান দিৱস পালনঃ বকো ছোৱালী হাইস্কুলত গীত মাত কথাৰে আলোচনা সভা

0 47

বকোঃ কামৰূপ জিলাৰ দক্ষিণ কামৰূপ শ্বহীদ কনকলতা দিৱস পালন কমিটিৰ উদ্যোগত আৰু বকো ছোৱালী হাইস্কুলৰ সহযোগত আজি পালন কৰা হয় শ্বহীদ কনকলতা আত্মবলিদান দিৱস। ইয়াৰোপৰি কনকলতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় আলোচনা সভা। বকো ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক জ্ঞানেন্দ্ৰ কলিতাই জনোৱা মতে অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত জাতীয় প্ৰেমৰ বাবে ইংৰাজৰ হাতত প্ৰাণ আহুতি দি শ্বহীদ হৈছিল অসমৰ যুৱতী গাভুৰু কনকলতা বৰুৱা। এই গৰাকী বিৰাংগণা কনকলতা বৰুৱাই দেশ প্ৰেম আৰু দেশৰ সন্মান ৰক্ষাৰ বাবে আত্মবলিদান দিছিল। সম্প্ৰতি দেশৰ জাতীয়তাবাদ তথা সমাজ ব্যৱস্থাত অষ্ঠিৰতা সৃষ্টি

হোৱা বাবে দেশৰ অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত কনকলতাৰ প্ৰাসংগিকতা আহি পৰাত শ্বহীদ গৰাকীৰ আত্মবলিদানৰ ওপৰত আলোকপাত কৰি সজাগতা গঢ়ি তুলিবলৈ আয়োজন কৰা হয় আলোচনা সভা। দক্ষিণ কামৰূপ শ্বহীদ কনকলতা দিৱস পালন কমিটিৰ সভাপতি তথা বিজ্ঞ ব্যক্তি সুৰেণ চন্দ্ৰ কলিতাৰ সঞ্চালনাত আয়োজন কৰা মনোজ্ঞ অনুস্থানৰ আত ধৰে আৰু উদ্দেশ্য ব্যাখ্যা কৰে উদ্যোক্তা সমিতিৰ সাধাৰণ সম্পাদক মৃত্যুঞ্জয় ৰাভাই। অনুস্থানটোৰ সদস্য গকুল ৰাভাৰ সহযোগত পৰিচালনা কৰা অনুস্থানত শ্বহীদ কনকলতাৰ দেশ প্ৰেম আৰু ভক্তি ভৰা জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰা সভাৰ সমল ব্যক্তি পল্লৱ পেগু। পেগুয়ে ভাৰতৰ স্বাধীনতা

আন্দোলনত অসমৰ প্ৰথম গৰাকী মহিলা শ্বহীদ গহপুৰৰ জীয়ৰী যুৱতী কনকলতাৰ অংশগ্ৰহণ আৰু বীৰত্বৰ ওপৰত বহল বাখ্যা দাঙি ধৰে। অনুস্থানত আৰোহন ট্ৰাষ্ট আৰু ৰেড ক্ৰছৰ বিষয়া এছ আৰ মৃদুল, প্ৰধান শিক্ষক জ্ঞানেন্দ্ৰ কলিতা, শিক্ষয়িত্ৰী ৰূপৰেখা দেৱী আৰু অনুৰাধা দেৱীয়ে, বিদ্যালয়ৰ ছাত্ৰী ষ্মিতা চৌধুৰী আৰু সুস্মিতা বড়োই কনকলতাৰ জীৱনৰ ওপৰত বক্তব্য দাঙি ধৰে। কনকলতা বৰুৱাই কেনেদৰে গহপুৰ থানাত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিব গৈ আত্মবলিদান দি শ্বহীদ হৈছিল এই বিষয়ে ছাত্ৰী সকলোক উদবুদ্ধ কৰিব পৰা বৌদ্ধিক জ্ঞানৰ সমল ব্যক্ত কৰে সভাপতি সুৰেণ চন্দ্ৰ কলিতাই।

Leave A Reply

Your email address will not be published.