চৰকাৰৰ ডিজিটেল ইণ্ডিয়াই ঢুকি নোপোৱা বকোৰ কালিয়াবড়ী গাওঁৰ যুৱ সমাজে মেৰামতি কৰিছে পথঃ বাৰাম্বাৰ আবেদন কৰাৰ পিছতো নহ’ল আধুনিকীকৰণ
বকোঃ ৰাজ্যত সৰ্বাংগীন বিকাশ অথৱা উন্নয়নৰ শ্ল’গান দিয়া ডিজিটেল ইণ্ডিয়াৰ মেটমৰা আঁচনিৰ ভিতৰত ৰাস্তা ঘাট কালভাৰ্টৰ আঁচনিয়ে ঢুকি পোৱা নাই কামৰূপ জিলাৰ বকোৰ কালিয়াবড়ী গাওঁক। কালিয়াবড়ী গাওঁ খন হৈছে বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ অন্তৰ্গত বকো বজাৰৰ নিচেই কাষৰ গাওঁ। গাওঁ খনৰ ৰাইজৰ যাতায়াতৰ এক মাত্ৰ সম্বল মুল পথটো পথ নহয় যেন পথাৰহে। গাওঁ খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে আৱাল বৃদ্ধ বনিতা আৰু ৰোগীৰ আহা যোৱা কৰা পথটোৰে যাতায়াত কৰাটো যমৰ যাতনাত হৈ গৈছে। এই পথটোৰে যাতায়াত কৰা যাতায়াতকাৰীয়েহে জানে পথটোত খোজ কাঢ়া কিমান কষ্টকৰ। ইফালে গাওঁৰ মুল পথটো
আধুনিকীকৰণ কৰাৰ বাবে পঞ্চায়ত, ব্লক, জিলা পৰিষদ, বিধায়ক, মন্ত্ৰী আৰু সাংসদ অথবা মুখ্যমন্ত্ৰীক বাৰাম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো চৰকাৰী ভাৱে গ্ৰহন কৰা নহ’ল উন্নয়নৰ আঁচনি। সেয়ে এতিয়া চৰকাৰক অপেক্ষা নকৰি গাওঁৰ যুৱ সমাজেই ওলাই আহি মেৰামতি কৰিছে পথটো। গাওঁৰ মুহিন দাস, নিৰ্মল দাস, তৰক পাঠক, অনিল দাসকে ধৰি বহু কেইজন যুৱ সমাজ কৰ্মীৰ উদ্যোগত গাওঁৰ যুৱ সমাজে পুৱাৰ ভাগতে ওলাই আহি হাতে কামে লাগি কৰিছে পথটোৰ মেৰামতি। ইফালে ৰাজ্যত উন্নয়নৰ ফটা ঢোল বজোৱা চৰকাৰক পথটো আধুনিকীকৰণ কৰাৰ আহ্বান জনায়। উল্লেখ্য যে গাওঁ খনৰ বাসিন্দাই মাজে সময়ে নিজৰ নিজৰ পদুলিৰ
সম্মুখভাগ মেৰামতি কৰি লয় যদিও বৰষুণ পৰিলে আৰু গাড়ী মটৰ অথবা টেক্টৰ অহা যোৱা কৰিলে কেঁচা বোকা পানীৰ পথটো ভাঙি ছিঙি যায়। বোকা পানী ফালি যোৱা পথত মানুহৰ যাতায়াত অসম্ভৱ। আনহাতে অসম চৰকাৰৰ অধীনত কেৱা খলপীয়া চৰকাৰ যেনে পঞ্চায়ত পৰ্য্যায়ৰ, ৰাভা হাছং পৰিষদ পৰ্যায়ৰ, ব্লক পৰ্য্যায়ৰ, বিধায়ক আৰু সাংসদ পৰ্য্যায়ৰ আঁচনি গ্ৰহণ কৰিব পৰা সুবিধা থকাৰ পিছতো কিয় এই অঞ্চল সমুহত উন্নয়নৰ আঁচনি গ্ৰহণ নকৰে বুজা টান হৈ পৰিছে। গাওঁ অঞ্চলৰ এনে পথৰ দুৰৱস্থাই চৰকাৰৰ সৰ্বাংগীন বিকাশৰ শ্লোগান ধোঁৱাচাঙত তুলিছে বুলি জানিব দিয়ে ভুক্তভোগী পুৰুষ মহিলাই। ইফালে পথটোৰে যাতায়াতৰ ক্ষেত্ৰত যমৰ
যাতনা ভুগি থকা বৰুণ দাস, বশিষ্ঠ পাঠক, জয়ন্ত বৰাই কয় যে ; ইমান আবেদন নিবেদন কৰাৰ পিছতো পথটো আধুনিকীকৰণ নকৰাৰ কাৰণ ৰহস্য হৈ পৰিছে। ইফালে আবেদন নকৰাকৈ চৰকাৰে আঁচনি প্ৰদান কৰে কিন্তু ৰাস্তাৰ আঁচনি গ্ৰহণ কিয় নকৰে বুলি চৰকাৰক প্ৰশ্ন উত্থাপন কৰে গাওঁৰ ৰাইজে।