পলাশবাৰীৰ উপৰহালীত মহিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
মিৰ্জাঃ কামৰূপ জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰীৰ নিৰ্দেশ মৰ্মে আজি ৰামপুৰ মহিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত উপৰহালীস্থিত ৰাজীৱ ভৱনত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে উপস্থিত থাকি কংগ্ৰেছ দলৰ বিভিন্ন কৰ্মপন্থাৰ বিষয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। সভাত অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া, কামৰূপ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী দিপালী তালুকদাৰ, জিলা সম্পাদিকা পূৰ্ণিমা বেগম, ৰামপুৰ ব্লক কংগ্ৰেছৰ সভাপতি মাখন দাস, কংগ্ৰেছ নেত্ৰী চিত্ৰা বৰুৱা উপস্থিত থাকি
ভাষণ প্ৰদান কৰে। উক্ত সভাতেই ছয়ানী বৰদুৱাৰ ব্লক মহিলা কংগ্ৰেছৰ নতুনকৈ ৰুমি কলিতা দাসক সভানেত্ৰীৰ দায়িত্ব অৰ্পন কৰা হয়। সভাত ৰামপুৰ ব্লক মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ৰুনু বিবি, জিলা সম্পাদক ৰিকু ঠাকুৰীয়াসহ বহুকেজন কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।