ashomiyapatrika.com

শিলসাকোঁৰ উচ্ছেদিতৰ প্ৰতিবাদত পুনৰ উত্তাল চচলৰ ধৰ্ণাস্থলীঃ ক্ষতিপূৰণৰ নামত কণা হাঁহক পতান ধান দিছে চৰকাৰে

0 35

পুনৰ সংস্থাপন অবিহনে স্তব্ধ নহয় আমাৰ আন্দোলন- হুংকাৰ উচ্ছেদিত ৰাইজৰ

গুৱাহাটীঃ গুৱাহাটীৰ শিলসাকোঁৰ পাৰৰ উচ্ছেদিত প্ৰতিটো থলুৱা ভুমিহীন পৰিয়ালক পুনৰ সংস্থাপন আৰু যথোপযুক্ত ক্ষতিপূৰণৰ দাবীত পুনৰ উত্তাল হ’ল চচলৰ নিৰ্দ্ধাৰিত ধৰ্ণাস্থলী। আজি অসম বিধান সভাৰ অধিবেশনৰ প্ৰথম দিনটোতে শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেতৃত্বত তিনি শতাধিক উচ্ছেদিতই হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মাটি আমাক লাগিবই, আমাক পুনৰ সংস্থাপন দিব লাগিবই, থলুৱা লোকৰ ওপৰত অন্যায় কৰা বন্ধ কৰক, বহিৰাগত বণিয়াক নহয় ভুমিহীনক মাটি দিয়ক, ক্ষতিপূৰণৰ নামত কণা হাঁহক পতান দিয়া বন্ধ কৰক,থলুৱা বিৰোধী হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি

বিভিন্ন শ্লোগানেৰে চচলৰ আকাশ বতাহ কঁপাই তোলে উচ্ছেদিই। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে কয় যে, মুখ্যমন্ত্ৰীয়ে ক্ষতিপূৰণৰ নামত নৃশংসভাৱে উচ্ছেদ কৰা পৰিয়ালসমূহক ক্ষতিপূৰণৰ নামত অপপ্ৰচাৰেই নহয় চুড়ান্ত অন্যায় কৰিছে৷ ২০২২ আৰু ২০২৩ৰ দুটা বছৰত এক হাজাৰতকৈ অধিক ঘৰ ভঙাৰ পাছতো আজি পৰ্যন্ত এটা পৰিয়ালকো ক্ষতিপূৰণৰ নামত ফুটা কড়ি এটাও নাপালে। তাৰ পাছতো এই ক্ষতিগ্ৰস্ত লোকসকলক লৈ সহায়টো দুৰৰে

কথা ক্ষতিপূৰণৰ নামত নিকৃষ্ট ৰাজনীতি কিয় বুলি প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৰ নেতা দ্বয়ে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰি উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী গায়ত্ৰী বৰি, জুলি ফুকন, নেইনা বেগম, প্রিয় সিংহা, আৰু ইন্দুমণি বৰাই কয় যে, যিখন চৰকাৰে প্ৰতিটো মুহূৰ্তত জাতি মাটি ভেটি সুৰক্ষাৰ কথা কয়, প্ৰতিটো থলুৱা পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে সেই চৰকাৰৰ দিনত আজি শিলসাঁকোত বাচি বাচি থলুৱা লোকসকলক অতি নিৰ্দয়ভাৱে উচ্ছেদ চলাই শিলসাঁকো থলুৱামুক্ত কৰিলে। মুখ্যমন্ত্ৰীয়ে বানমুক্ত গুৱাহাটীৰ কথা ভুৱা প্ৰচাৰ কৰি শিলসাঁকোলৈ পানী যোৱাত বাধা দি থকা শিল সাকোঁৰ বুকত অৱস্থান কৰি

থকা টাটাৰ জিঞ্জৰ হোটেল, আই চি এম, আমিয় কুমাৰ দাস ইনষ্টিটিউট, হিম্মত সিংকাৰ আইডিয়েল হিলভিউকে ধৰি বৃহৎ বৃহৎ অট্টালিকাসমূহ চৰকাৰ প্ৰশাসনৰ উচ্ছেদ আভিযানে ঢুকি নাপালে। আমি কোনো কাৰণতে এই বৈষম্যমূলক উচ্ছেদ মানি ল’ব নোৱাৰো। আৰু উচ্ছেদৰ পাছত এতিয়া পুনৰ সংস্থাপনৰ নামত চৰকাৰে উন্নয়ন সমিতিৰ জৰিয়তে একঠা মাটিত চাৰি- পাঁচটাকৈ পৰিয়ালক সংস্থাপন দিয়া, এক হেজাৰ পৰিয়ালক উচ্ছেদ কৰি দহটা পৰিয়ালক অতি নগন্য পৰিমাণৰ ক্ষতিপূৰণ দি থলুৱা লোকসকলক চৰম উপহাস কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। সেয়া কণা হাঁহক পতান দিয়াৰ নিচিনা হৈছে। যি সময়ত চৰকাৰে হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগত

বণিয়াক দিব পাৰে সেই একেটা সময়ত অসমৰ থলুৱা পৰিয়ালক কি যুক্তিত একঠা মাটি দিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে উচ্ছেদ প্রতিৰোধী ৰাইজৰ নেত্ৰী বৰ্গই৷ হিমন্ত বিশ্ব শৰ্মা চাৰকাৰৰ এনে অন্যায়ৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। আমি যেতিয়ালৈকে ভূমিৰ অধিকাৰ নাপাওঁ তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে উচ্ছেদিত লোকসকলে।

Leave A Reply

Your email address will not be published.