বকো বজাৰ দূৰ্গা পূজা উদযাপন সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্নঃ নতুন সভাপতি মদন ৰভা আৰু সম্পাদক মিঠু দত্ত
বকোঃ ধাৰাৰ বুকুত শাৰদীয় পূজা আগমনৰ লগে লগে ব্যস্ত হৈ পৰে পূজা আয়োজক সমিতি বোৰ। এই ক্ষেত্ৰত কামৰূপ জিলাৰ বকোতো কেৱাখনো পূজা উদযাপন সমিতিৰ লেখিয়াকৈ বকো বজাৰ দূৰ্গা পূজা উদযাপন সমিতিৰো আজি অনুষ্ঠিত হয় বাৰ্ষিক সাধাৰণ সভা। বিগত বৰ্ষ অৰ্থাৎ ৩০ সংখ্যক বৰ্ষৰ পূজা উদযাপন সমিতিৰ সভাপতি তৰুণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ আত ধৰে সম্পাদক স্বপন পালে। সভাত শোক প্ৰস্তাৱ লোৱাৰ পিছতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা হয়। ইয়াৰ পিছতে হিচাপ পৰীক্ষক দ্বয় বিষ্ণু ৰাম দাস আৰু সঞ্জয় আগৰৱালাই হিচাৱ পৰীক্ষাৰ প্ৰতিবেদন পাঠ কৰে আৰু সৰ্বসন্মতিক্ৰমে গ্ৰহণ
কৰে। উল্লেখ্য যে বকো বজাৰ দূৰ্গা পূজা উদযাপন সমিতিৰ ভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ পিছত বিষয় বাচনি সভাৰ জৰিয়তে আগন্তুক ৩১ সংখ্যক বৰ্ষৰ পূজা ভাগি সু পৰিচালনাৰ বাবে যুৱ কৰ্মী মদন ৰাভাক সভাপতি, প্ৰাক্তন ছাত্ৰ নেতা ধনঞ্জয় মেধিক কাৰ্য্যকৰী সভাপতি, উপ সভাপতি হিচাপে বিজু পাল, কাৰ্তিক পাল, বৃতি দাস আৰু স্বপন পালক মনোনীত কৰে৷ পূজা ভাগি পৰিচালনাৰ বাবে মিঠু দত্তক সাধাৰণ সম্পাদক, চাৰি গৰাকী সহকাৰী সম্পাদক, বিত্ত বিভাগৰ বিষয় ববীয়া, পূজা পৰিচালনা সমিতি, অভ্যৰ্থনা সমিতিকে ধৰি বহু কেইখন উপ সমিতি গঠন কৰা হয়। ইফালে পুনৰ বিষ্ণু ৰাম দাস আৰু সঞ্জয় বসাকক হিচাপ পৰীক্ষক, সঞ্জয়
আগৰৱালাক কোষাধ্যক্ষ হিচাপে মনোনীত কৰি গঠন কৰে পূজা আয়োজক সমিতি খন। ইফালে বিদায়ী সভাপতি তৰুণ বড়োক মুখ্য উপদেষ্টা হিচাপে মনোনীত কৰা হৈছে। সভাৰ শেষত নতুন সমিতিৰ সভাপতি আৰু সম্পাদকে জনোৱা মতে কাইলৈৰ পৰাই পূজাৰ যাৱতীয় কাম-কাজৰ ব্যৱস্থা কৰা হ’ব।