ashomiyapatrika.com

কলাক্ষেত্ৰত চাহ শ্ৰমিক সন্মিলনত ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়াঃ চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ আশ্বাস

0 45

গুৱাহাটীঃ অসমৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ সমস্যা কেন্দ্ৰৰ দৃষ্টিগোচৰ কৰাৰ লক্ষ্যৰে আজি শঙ্কৰদেৱ কলাক্ষেত্ৰত আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ তৰফৰ পৰা চাহ শ্ৰমিক সন্মিলনৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়াৰ লগতে উপস্থিত থাকে শ্ৰম মন্ত্ৰী সঞ্জয় কিষান আৰু কৰিমগঞ্জৰ লোক সভা সাংসদ কৃপানাথ মল্লাহ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপালে কয় যে চাহ বাগানৰ সমস্যাক লৈ মই প্ৰধানমন্ত্ৰী আৰু ৰাজ্য চৰকাৰ ৰ লগত আলোচনা কৰি সমস্যাসমুহ সমাধান কৰিবলৈ চেষ্টা কৰিম। লগতে তেওঁ কয় যে মোৰ যিকোনো কাৰ্যসূচীত যিকোনো এটা চাহ বাগিচা পৰিভ্ৰমণ কৰিম আৰু

তেওঁলোকৰ সমস্যা সমূহৰ ওপৰত বুজ লম৷ অন্যহাতে শ্ৰম মন্ত্ৰীয়ে নিজৰ বক্তব্য কৰি কয় যে ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ বাবে যথেষ্ট কৰিবলগীয়া আছে আমাৰ চৰকাৰখনে চেষ্টা কৰি আছে। অনুষ্ঠানত অন্য বক্তা সকলে নিজৰ নিজৰ বিষয়ত মতামত আগবঢ়াই আৰু শ্ৰমিক সকলৰ সৈতে মত বিনিময় কৰে৷ অতিথি সকলক আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যন ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। দিনজোৰা কৰ্যাহুচিত চাহ শ্ৰমিকৰ মজুৰি , মাটিৰ পত্তাকৰণ, জনজাতিকৰণ, শিক্ষা, নিয়োগ, স্বাস্থ্য, পৰিষ্কাৰ – পৰিশ্বনতা আদি উপৰত বিশদভাৱে আলোচনা কৰা হয়। এই অনুষ্ঠানত সংগতি ৰাখি এখনি স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত আদিবাসী উন্নয়ন ও বিকাশ পৰিষদ ৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাছদা আৰু উপ মুখ্য কাৰ্যবাহী সদস্য পিটাৰ দাং উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.