ডিব্ৰুগড়ৰ লেপেটকটাত ভয়ংকৰ পথ দূৰ্ঘটনাঃ ট্ৰাক আৰু ইনভাৰ মাজত মুখামুখি সংঘৰ্ষ, নিহত ৪
ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ ঘূৰণীয়া চাহ বাগিচাৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি নিশা প্ৰায় ৯ বজাত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। এখন ট্ৰাক আৰু ইনভা বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় ইনভা বাহনখনৰ দুজন যাত্ৰী। ইফালে ইনভা বাহনখনত থকা আন ৫ জন যাত্ৰীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে আন দুজন যাত্ৰীও নিহত হয়। জানিব পৰামতে, এইচ আৰ ৫৮৩৮ নম্বৰৰ ট্ৰাক আৰু এ এছ ০১ জে চি ৩০৭৬ নম্বৰৰ ইনভা বাহনখনৰ মাজত প্ৰচণ্ড মুখামুখি সংঘৰ্ষ হয়। ফলত ইনভা বাহনখন ৰাষ্ট্ৰীয় ঘাইপথৰ দ’ খাৱৈত বাগৰি পৰে।
লেপেটকটাৰ অনাতাঁৰ কেন্দ্ৰৰ সমীপতে সংঘটিত হোৱা ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। ইফালে আহত আন ৫ জনৰ ভিতৰত দুটি শিশুও আছিল। আটাইকেইটাৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মৃত লোক চাৰিজনৰ পৰিচয় বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত লেপেটকটা আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।