ashomiyapatrika.com

ওফাইদাং মাৰি ফুৰা মানুহে ভালকৈ ঘৰ চলাব নোৱাৰেঃ গৃহ বিভাগ চলোৱাত চূড়ান্তভাৱে ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 59

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক সমালোচনা অসম প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰৰঃ আৰক্ষীয়েও পিয়াঁজ চুৰি কৰাত আশ্চৰ্য প্ৰকাশ কংগ্ৰেছ নেতাগৰাকীৰ

গুৱাহাটীঃ কাম কৰি ভালপোৱা মানুহৰ কথা কৈ ফুৰিবলৈ সময় নাথাকে। কাম কৰি বেয়া পোৱা মানুহে ওফাইদাং মাৰিয়েই দিন কটায়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো কেৱল কথা কৈয়েই সময় পাৰ কৰিছে। য’লৈকে যায় তাতেই কেৱল মুখ্যমন্ত্ৰীয়ে বৰ বৰ কথা কৈ ফুৰে। ফলত নিজৰ হাতত থকা গৃহ বিভাগৰ আজি অৱস্থা তথৈবচ হৈ পৰিছে। গৃহ বিভাগৰ অৱস্থা এনে হৈছে যে আৰক্ষী কনিষ্টবলে পিয়াজ চুৰি কৰিবলগীয়াত পৰিছে। অসমৰ দক্ষ মুখ্যমন্ত্ৰীৰ দিনত আৰক্ষীৰ লোকো পিয়াজ চোৰ হৈ পৰিছে। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এই মন্তব্য কৰিছে বিগত বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিত কংগ্ৰেছ দলৰ

পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰমেন বৰঠাকুৰে। গৃহ বিভাগ চলোৱাত মুখ্যমন্ত্ৰী চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলিও কয় জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। ডাংকোপ মাৰি ফুৰা মানুহে ঘৰ চলাব নাজানে বুলি উল্লেখ কৰি বৰঠাকুৰে কয় যে মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰৰ দিনত ৰাজ্যৰ গৃহ বিভাগে যি অৱস্থা পাইছে সেয়া ৰাজ্যখনৰ বাবেই অতিশয় দুৰ্ভাগ্যজনক। সৌ সিদিনা সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভা হেৰাই গ’ল। জোনমণি ৰাভা কিয়, কেনেকৈ হেৰাই গ’ল আজিও তাৰ প্ৰকৃত কাৰণ পোহৰলৈ নাহিল। অলৌ-তলৌকৈ ঘূৰি ফুৰা মুখ্যমন্ত্ৰীয়ে দিছপুৰৰ গাতে লাগি থকা জোনমণি ৰাভাৰ ঘৰলৈ গৈ মাকক মাত এষাৰ দিবলৈ সময় নহ’ল। এনে এগৰাকী অহংকাৰী

মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগ চলালে এনে অৱস্থা হ’বই বুলি বৰঠাকুৰে কয়। বজালীত আৰক্ষীয়ে ধনদাবী কৰা কাৰ্যক লৈয়ো তেওঁ মুখ্যমন্ত্ৰীক জবাবদিহি কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগ চলোৱাত ইমানেই ব্যৰ্থ হৈছে যে এখন জিলাৰ কেবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ধনদাবীৰ দৰে কাৰ্যত জড়িত হৈ পৰিবলৈ সাহস কৰিছে। ইয়াৰ অৰ্থ এয়াই যে মুখ্যমন্ত্ৰীক সকলোৱে ভয় কৰে বুলি তেওঁ যি ধাৰণা দিবলৈ চেষ্টা কৰি থাকে সেয়া অভিনয়ৰ বাদে একো নহয়। ওফাইদাং মাৰি ভালপোৱা মুখ্যমন্ত্ৰীক আচলতে কোনেও ভয় নকৰে। সেয়ে এখন জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি কনিষ্টবল, আনকি আৰক্ষীৰ ড্ৰাইভাৰলৈকে সকলোৱে মিলি ব্যৱসায়ীৰ পৰা ধনদাবী

কৰিবলৈ সাহস কৰিছে। জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য যিদৰে আজিও ভেদ নহ’ল তেনেকৈ বজালী আৰক্ষীৰ ধনদাবীক লৈয়ো একো তদন্ত নহ’ব বুলিও বৰঠাকুৰে আশংকা ব্যক্ত কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে এতিয়া লাজত মুখ ঢাকিব নোৱাৰি তদন্তৰ ঘোষণা কৰিছে, কিন্তু দুদিন পিছত যেতিয়া মানুহে সকলো পাহৰি যাব তেতিয়া তদন্ত ফুটুকাৰ ফেন হৈ পৰিব আৰু দোষী আৰক্ষী বিষয়া, কনিষ্টবল সকলোকে ক্লীনশ্বিট দিব। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ দিনত একাংশ আৰক্ষী চৰম অত্যাচাৰী হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে। সেয়ে ক্ষমতাৰে বলীয়ান হৈ পৰা শুভলক্ষ্মী দত্তৰ দৰে আৰক্ষী বিষয়াসকলে বনকৰা ছোৱালীৰ ওপৰত অমানুষিক অত্যাচাৰ

চলাবলৈকো কুণ্ঠাবোধ কৰা নাই। মুখ্যমন্ত্ৰীয়ে যেতিয়া নিজেই জিলা উপায়ুক্তক ঐ ডিচি বুলি ক’য় তেনে ক্ষেত্ৰত তেওঁৰ বিভাগৰ আৰক্ষী বিষয়াসকলে সাধাৰণ মানুহক মানুহ বুলি গণ্য কৰিবই বা কিয়? ‘গৃহ বিভাগত এতিয়া চৰম অৰাজকতা চলিছে। গৃহ বিভাগত যিসকলক মুখ্যমন্ত্ৰীয়ে দায়িত্ব দি শীৰ্ষ পদত বহুৱাই ৰাখিছে সেইসকলৰ দয়া-মমতা বোলা একো বস্তুৱেই নাই। সেয়ে গায়ত্ৰী হাজৰিকাৰ দৰে আৰক্ষী কনিষ্টবলগৰাকীয়ে শৰাইঘাটৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিবলগীয়া হ’ল। গৃহ বিভাগটোতেই যদি ইমান খেলিমেলি তেন্তে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখন কিদৰে ভালকৈ চলাব?’ -বাজপেয়ী ভৱনৰ ভিতৰত মুখ্যমন্ত্ৰী সলনি হ’ব বুলি চলি থকা গুণাগঁথা

এনেই চলি থকা নাই বুলি উল্লেখ কৰি বৰঠাকুৰে কয়। বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই যিদৰে গৃহ বিভাগ চলাই আছে তেনেকৈ চলি থাকিবলৈ হ’লে চৰকাৰখনৰ বাকী থকা ৩ বছৰীয়া কাৰ্যকালত ৰাজ্যখনত আৰু ভয়ংকৰভাৱে চৰম অৰাজকতাই গা কৰি উঠিব বুলিও আশংকা ব্যক্ত কৰে বিগত নিৰ্বাচনত জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীক একপ্ৰকাৰ প্ৰত্যাহ্বান জনোৱা কংগ্ৰেছ নেতাগৰাকীয়ে।উল্লেখযোগ্য যে নেতা গৰাকীয়ে যোৱা কালি NB NEWS ৰ কথা ভাৰত অনুস্থানত অংশগ্ৰহন কৰি ৰাজ্যৰ শোচনীয় বিদ্যুৎ সংযোগ ব্যৱস্থা অহা ১৫ দিনৰ ভিতৰত যদি নিয়মীয়া নহয় তেতিয়াহলে ব্যক্তিগত ভাৱে অনশন কৰাৰ কথা মন্তব্য প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.