ashomiyapatrika.com

শিলসাঁকোত উচ্ছেদিতলৈ ক্ষতিপূৰণ জিলা প্ৰশাসনৰ

0 41

গুৱাহাটীঃ শিলসাঁকো বিলত উচ্ছেদিতৰ বাবে আজি কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পুঁজিৰ পৰা প্ৰথম পৰ্যায়ত মুঠ ৭৫ লাখ টকাৰ এককালিন সাহাৰ্যত আবন্টন দিছে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই৷ প্ৰথম পৰ্যায়ত উচ্ছেদিত পাঁচটা আৰ চি চি ঘৰৰ প্ৰতিটোৰে বাবদ দহ লাখ টকাকৈ আৰু পাঁচটা অসম আৰ্হিৰ ঘৰৰ প্ৰতিটোৰে বাবদ পাঁচ লাখ টকাকৈ দিয়া হ’ব৷

Leave A Reply

Your email address will not be published.