বকো সাহিত্য সভাই উদযাপন কৰে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন
বকোঃ বিশ্ব বিশ্ৰুত শিল্পী ভাৰতৰত্ন তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভূপেন হাজৰিকাৰ আজি ৯৭ সংখ্যক ওপজা দিন। সুধাকন্ঠ উপাধিৰে বিভূষিত প্ৰয়াত হাজৰিকাৰ ওপজা দিনটো অসম সাহিত্য সভাই প্ৰতিবছৰে পালন কৰি আহিছে। এই বৰ্ষতো আজি কেন্দ্ৰীয় ভাৱে পালন কৰাৰ উপৰিও কামৰূপ জিলাৰ বকো সাহিত্য সভায়ো পালন কৰে হাজৰিকা দেৱৰ জন্ম তিথি। অসম সাহিত্য সভাৰ শতদল শাখাৰ সন্মান অৰ্জন কৰা বকো সাহিত্য সভা ভৱনত হাজৰিকাৰ ওপজা দিন পালন কৰা হয়। সেই উপলক্ষে বকো সাহিত্য সভাৰ সভাপতি বিজয়া ডেকা আৰু সম্পাদক জনাৰ্দন বড়োৰ
তৎপৰতাত আয়োজন কৰা হয় ওপজা দিনৰ বিশেষ কাৰ্য্যসূচী। এক মাংগলিক পৰিবেশত বিশ্ব শিল্পী গৰাকীৰ বৃহৎ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সভাৰ আজীৱন সভ্য তথা বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেণ চন্দ্ৰ কলিতাই। সভাৰ সহকাৰী সম্পাদক বিষ্ণু ৰাম দাসে আত ধৰা অনুস্থানত ধন্যজিৎ ৰাভাকে ধৰি বহু জনে হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰে আৰু তেওঁৰ শিল্পী তথা কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে।