পাতিদৰং ফুটবলত ভেহবাৰী ইয়ং গ্ৰুপ চেম্পিয়ন
ফাইনেল খেল উদ্বোধন কৰে প্ৰাক্তন সাংসদ ৰমেন ডেকা, মুখ্য অতিথি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা
ৰঙিয়াঃ পাতিদৰং স্পোৰ্টচ ক্লাৱৰ উদ্যোগত পাতিদৰং বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা সমাজকৰ্মী স্বৰ্গীয় বেহীৰাম কাকতি আৰু স্বৰ্গীয় ৰজনী কান্ত গোস্বামী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজিৰ ফাইনেল খেলখন এক-এক গ’লত সামৰণি পৰাত টাইব্ৰেকাৰ পদ্ধতিত ৭ – ৬ গ’লত ভেহবাৰী ইয়ং গ্ৰুপে জাৰকোনা জংগলী ক্লাবক পৰাজিত কৰি ফাইনেলৰ চূড়ান্ত খিতাপ সহ নগদ বিশ হাজাৰ টকা অৰ্জন কৰে। আনহাতে জাৰকোনা জংগলী ক্লাবে ৰাণাৰ্চ আপ ট্ৰফী সহ নগদ পোন্ধৰ হাজাৰ টকা লাভ কৰে।
ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা সহ নগদ ষোলশ টকা লাভ কৰে জংগলী ক্লাবৰ ১৭ নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ আকাশ বড়োয়ে। আজিৰ খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, নিপন বড়ো, আনচাৰ উদ্দিন আহমেদ আৰু সতীশ কুমাৰ ডেকাই। চূড়ান্ত খেলখন উদ্বোধন কৰে প্ৰাক্তন সাংসদ ৰমেন ডেকাই আৰু মুখ্য অতিথি হিচাবে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা প্ৰমূখ্যে কেইবাগৰাকীও আমন্ত্ৰিত অতিথিয়ে৷