ashomiyapatrika.com

বকো সংগীত মহাবিদ্যালয়ৰ বাৰ্ষিক সাধাৰণ সভা আৰু অধিবেশন সম্পন্নঃ নতুন সভাপতি হিৰণ্য কুমাৰ নাথ আৰু সম্পাদক দীপক তামুলী

0 51

বকোঃ সংগীত সাধনাৰে কৃষ্টি সংস্কৃতি জীপাল কৰা শিক্ষা প্ৰতিষ্ঠান কামৰূপ জিলাৰ বকো সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা আৰু অধিবেশন খন আজি সামৰণি পৰে। বকো সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যতীন মেধি আৰু সম্পাদক দীপক তামুলীয়ে জনোৱা মতে আজি দিনযোৰা কাৰ্য্যক্ৰমণিকাৰে বকো ছোৱালী হাইস্কুলৰ সভাকক্ষত আয়োজন কৰা হয় সংগীত মহাবিদ্যালয়ৰ সাধাৰণ সভা খন। বাৰ্ষিক সাধাৰণ সভা তথা অধিবেশনৰ কাৰ্য্যসূচী অনুসৰি পুৱা সভাপতিৰ জৰিয়তে পতাকা উত্তোলন, প্ৰাক্তন সভাপতি কৰ্ণভূষণ ৰাভাৰ দ্বাৰা বন্তি প্ৰজ্বলন, সামাজিক বনানিকৰণ বিভাগৰ অৱসৰপ্ৰাপ্ত

বনপালক কৃষ্ণকান্ত মহন্তৰ জৰিয়তে গছ পুলি ৰোপন। দিনৰ ভাগত সাধাৰণ সভাত সম্পাদকীয় আৰু হিচাব পৰীক্ষকৰ প্ৰতিবেদন পাঠ ও অনুমোদন কৰাৰ পিছত বিষয় বাচনি সভাৰ জৰিয়তে আগন্তুক দুই বছৰৰ বাবে যুৱ সমাজ কৰ্মী তথা শিল্পী হিৰণ্য কুমাৰ নাথক সভাপতি আৰু বিশিষ্ট শিল্পী দীপক তামুলীক সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে বকো সংগীত মহাবিদ্যালয় পৰিচালনা সমিতি খন। অনুস্থানত শিল্পী প্ৰাণৰ লগতে মহাবিদ্যালয়ৰ লগত জড়িত প্ৰাক্তন বহু কেইজন কৰ্মীক সম্বৰ্ধনা জনোৱা হয়। সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতাৰ তৎপৰতাত আয়োজন কৰা মুকলি সভাত পৌৰহিত্য কৰে সভাপতি যতীন মেধিয়ে। মুকলি সভাত

বিশেষ ভাৱে সন্মান জনোৱা হয় প্ৰতিস্থাপক অধ্যক্ষ দামোদৰ বৰাক। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা, বিশিষ্ট অতিথি বকোৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, বকো হাইস্কুলৰ প্ৰধান শিক্ষক ৰাজেশ মহন্ত, বকো ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক জ্ঞানেন্দ্ৰ কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীন্দ্ৰ চৌধুৰী, শংকৰদেৱ শিশু বিদ্যা নিকেতন ডাকুৱাপাৰাৰ প্ৰধান আচাৰ্য্য বিজন কুমাৰ ৰাভাকে ধৰি বহু কেইজন অতিথিৰ উপৰিও বৰ্ণাঢ্য সাংস্কৃতিক মঞ্চৰ বিষয় ববীয়া সকল। গীত মাত কথাৰে অনুস্থান জীপাল কৰা হয়।

Leave A Reply

Your email address will not be published.