ashomiyapatrika.com

পলাশবাৰীত অশোক কুমাৰ দাসৰ ‘কোৰিয়াৰ কবিতা’ উন্মোচন

0 77

অশোক কুমাৰ দাসৰ ব্যতিক্ৰমী জীৱন দৰ্শন সম্পৰ্কে আমাৰ জানিব লগা আছেঃ কিশোৰ কুমাৰ কলিতা

মিৰ্জাঃ ইংৰাজী আৰু বঙালী সাহিত্যৰ বিভিন্ন লেখা অনুবাদেৰে অসমীয়া সাহিত্যৰ জগতখনত পৰিচিত হৈ পৰা লেখক অশোক কুমাৰ দাসৰ ‘কোৰিয়াৰ কবিতা’ নামৰ ৩৪ টা অনুবাদ কবিতাৰে সমৃদ্ধ কবিতা পুথিখনি পলাশবাৰীত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয়। পলাশবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মণিময় কৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ২৬গাৰকী কোৰিয়ান কবিৰ মুঠ ৩৪ টা ইংৰাজী কবিতাৰ অসমীয়া অনুবাদেৰে সন্নিবিষ্ট হোৱা ‘কোৰিয়াৰ কবিতা’ কাব্য পুথিখনি উন্মোচন কৰে লেখক সুৰেশ কলিতাই। অধিবক্তা তথা কবি জুৰি শৰ্মা অতিথি হিচাপে উপস্থিত থাকি লেখক অশোক কুমাৰ দাসক প্ৰশংসা

কৰে। সাহিত্যিক- সাংবাদিক কিশোৰ কুমাৰ কলিতায়ো অতিথি হিচাপে উপস্থিত থাকি লেখকগৰাকীৰ সৈতে প্ৰায় দহ বছৰ পূৰ্বে একেখন দৈনিক বাতৰি কাকতত উপ সম্পাদক হিচাপে একেলগে কাম কৰি তেওঁৰ পৰা সংবাদ সাহিত্যৰ ক্ষেত্ৰখনত যথেষ্ট শিক্ষা লাভ বুলি মন্তব্য কৰি কেৱল অধ্যয়নৰ মাজতে থকা অশোক কুমাৰ দাসৰ ইংৰাজী আৰু বঙালী ভাষাতো জ্ঞান থকাৰ লগতে অনুবাদত যথেষ্ট দক্ষতা থকা বুলিও ভাষণত উল্লেখ কৰে।অশোক কুমাৰ দাসৰ ব্যতিক্ৰমী জীৱন দৰ্শন সম্পৰ্কে আমাৰ যথেষ্ট জানিব লগা আছে বুলি কিশোৰ কুমাৰ কলিতাই উল্লেখ কৰে। উক্ত সভাত জুণমণি শৰ্মা,

কুশলেণ্ডু কাশ্যপ আদিকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অশোক কুমাৰ দাস এগৰাকী বলিষ্ঠ নাট্যকাৰ হোৱাৰ লগতে আগশাৰীৰ কাকত আলোচনীত ধাৰাবাহিকভাৱে লেখা প্ৰকাশ হৈ আহিছে।

Leave A Reply

Your email address will not be published.