ashomiyapatrika.com

নিযুক্তিৰ নামত দূৰ্নীতি বন্ধ কৰা আৰু নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দাম হ্ৰাস কৰা দাবীত চিপিআইএমৰ বিক্ষোভ

0 36

মূল্যবৃদ্ধি নিয়ন্ত্ৰত ব্যৰ্থ বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰঃ চিপিআই (এম)

গুৱাহাটীঃ চিপিআই(এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিৰ উদ্যোগত আজি গুৱাহাটীৰ মেঘদূত ভৱনৰ সমীপত ঔষধকে ধৰি আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম হ্ৰাস কৰা, চাউল, দাইল, আটা, মিঠাতেল, চেনি আদি কৰি প্ৰয়োজনীয় সামগ্ৰী সস্তা দৰত যোগান ধৰাৰ ব্যৱস্থা কৰা, পে’ট্ৰল- ডিজেলৰ দাম হ্ৰাস কৰা আৰু নতুন কৰ্মসংস্থান সৃষ্টি কৰা, সকলো খালী পদ পূৰণ কৰা, ঠিকাভিত্তিক আৰু কেজুৱেল হিচাপে কাম কৰি থকা সকলৰ পদসমূহ স্থায়ী কৰা, আঁচনিভুক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ দাবীত দিনৰ ১২ বজাত মেঘদূত ভৱনৰ সমীপত জিলা বিক্ষোভ সমাবেশ অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলৰ

পৰা ২০০ শতাধিক পাৰ্টি সভ্য আৰু সমৰ্থক মেঘদূত ভৱনৰ সমীপত মিলিত হৈ উক্ত দাবী সমূহকলৈ বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰী সকলে টোলগেট, স্মাৰ্ট মিটাৰ, মহানগৰ বাসীৰ খোৱা পানীৰ সমস্যা, মাটিৰ পট্টা আদি বিষয়তো সৰৱ হয়। বিক্ষোভ সমাবেশত বক্তব্য ৰাখে চিপিআই(এম)ৰ ৰাজ্যিক কমিটিৰ সদস্য শতঞ্জীৱ দাস, ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য টিকেন দাস, জিলা সম্পাদক মণ্ডলীৰ সদস্যা সীমা বিশ্বাস আৰু ভাৰপ্ৰাপ্ত জিলা সম্পাদক ভবেন কলিতাই। বক্তা সকলে মূল্যবৃদ্ধিৰ ফলত ৰাইজৰ দুৰ্ভোগ আৰু কৰ্ম সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত ব্যৰ্থতাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ ডবল ইঞ্জিন চৰকাৰক জগৰীয়া কৰে। ইয়াৰ উপৰিও মহানগৰবাসীক বিশুদ্ধ

খোৱা পানী যোগানত ৰাজ্য ব্যৰ্থতাক গৰিহণা দিয়ে। অন্যহাতে স্মাৰ্ট মিটাৰৰ নামত বিদ্যুৎ গ্ৰাহকক লুণ্ঠন বন্ধ কৰা, মহানগৰ জিলাৰ ভুমিহীন সকলক মাটিৰ পট্টা প্ৰদান, নতুনকৈ টোলগেট সিদ্ধান্ত বাতিল আৰু মুখ্যমন্ত্ৰীয়ে বিদ্যুত মাছুল পুনৰ বৃদ্ধি কৰাৰ ঘোষণা আদি বিষয়ত বক্তা সকল সৰব হয়। বিক্ষোভৰ অন্তত এক প্ৰতিবাদী সমদল উলিওৱা হয় কিন্তু সমদল কিছু আগবঢ়াৰ পিছতে আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰে। আৰক্ষী প্ৰশাসনৰ এনে আচৰণক গণতান্ত্ৰিক ভাৱে কৰা বিক্ষোভকাৰী সকলে ধিক্কাৰ দিয়ে।

Leave A Reply

Your email address will not be published.