ashomiyapatrika.com

বকোৰ শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাৰ বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে যুদ্ধংদেহী পদক্ষেপ

0 49

বকোঃ ৰাজ্যৰ বনজ সম্পদৰ ওপৰত একাংশ অসাধু লোকৰ লোলুপ দৃষ্টি দীৰ্ঘদিনীয়া। কামৰূপ জিলাৰ বকোতো অবৈধ বনজ সম্পদ ধ্বংসকাৰীয়ে কৰি আহিছে বনজ সম্পদৰ চোৰাং ব্যৱসায়। ইফালে এনে বনজ সম্পদ যেনে মূল্যবান শাল, মাকাৰি, চেগুন, গামাৰী, কাঠ, বালি আৰু কাঠ কয়লা চোৰাং কাৰবাৰ কৰা অসাধু চক্ৰৰ বিৰুদ্ধে যুদ্ধংদেহী ভাৱেৰে দায়িত্ব পালন কৰি আহিছে বকোৰ শিংৰা বনৰ বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাই। প্ৰাপ্ত তথ্য অনুসৰি কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাদেশীকাৰী বিষয়া ডিম্পী বৰাৰ নিৰ্দেশত বকোস্থিত শিংৰা বনাঞ্চলৰ সুৰক্ষাৰ দায়িত্ব পালন কৰিবলৈ যোগদান কৰা ভাৰ্গৱ হাজৰিকাই দিনে নিশাই

কৰ্তব্য পালন কৰি আহিছে। জানিব পৰা মতে যোৱা দুদিনত বনাঞ্চলিক এলেকাৰ ভিন্ন স্থানৰ পৰা আঠ জনকৈ চোৰাং কাঠ সৰবৰাহ কৰা লোকক আটক কৰে। কেৱাখনো মটৰ চাইকেল, চাইকেল আৰু কাঠ সৰবৰাহ কৰা বাহন জব্দ কৰে। ইফালে যোৱা কালি মেঘালয়ৰ পৰা অবৈধ কাঠ কঢ়িওৱা দুখন গাড়ী জব্দ কৰি আনে। আনহাতে শিংৰা নদীৰ পৰা অবৈধ ভাৱে মেচিন লগাই বালি তোলা স্থানত গৈ বালি জমা কৰা ছেকাৰ কাটি ভাঙি দিয়ে। প্ৰতিদিনে বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে চলাই আহিছে তীব্ৰ প্ৰতিৰোধ। অনাগত দিনত বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে চলি থাকিব অভিযান।

Leave A Reply

Your email address will not be published.