ashomiyapatrika.com

বকোতো ৬২ সংখ্যক শিক্ষক দিৱস উদযাপনঃ বৰীপাৰা প্ৰাথমিক বিদ্যালয় আৰু মডেল ইংলিছ স্কুলত বৰ্ণাঢ্য অনুষ্ঠান

0 37

বকোঃ সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ বকোতো আজি বিদ্যা মন্দিৰে মন্দিৰে পালন কৰা হয় ৬২ সংখ্যক শিক্ষক দিৱস। বকো শিক্ষা খণ্ডৰ অন্তৰ্গত বৰীপাৰা প্ৰাথমিক বিদ্যালয়ত এক বৰ্ণিল তথা বৰ্ণাঢ্য কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰে শিক্ষক দিৱসৰ কাৰ্য্যসূচী। বিদ্যালয় খনৰ প্ৰধান শিক্ষক অমিয় কুমাৰ ৰয়ে সঞ্চালনা কৰা বিশেষ অনুস্থানত ছাত্ৰ ছাত্ৰীৰ ভবিষ্যতৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত মনৰ সোপন শীৰ্ষক মনৰ ভাব প্ৰকাশ কৰিবলৈ সুযোগ দিয়ে। ইয়াৰোপৰি বহু কেইজন ছাত্ৰ ছাত্ৰীয়ে গীত মাত নৃত্য পৰিবেশন কৰে। অনুস্থানত সম্বোৰ্ধনা পৰ্বৰ আত ধৰে বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি

ভদ্ৰেশ্বৰ ৰাভাই। শিক্ষক দিৱসত বহু কেইজন বিশিষ্ট অতিথিক সন্মান জনোৱা হয়। অনুস্থানত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে ড° গণেশ্বৰ চহৰীয়া, পৰমা বৰাকে ধৰি বহু কেইজন বিশিষ্ট অতিথিয়ে। শিক্ষক দিৱসত ছাত্ৰ শিষ্যৰ গুৰু ভক্তি আৰু গুৰুই ছাত্ৰক দিয়া আৰ্শীবাদ এক মনোজ্ঞ পৰিবেশ সৃষ্টি হৈছে। ইফালে মডেল ইংলিছ স্কুল বকোতো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী গোটৰ উদ্যোগত অধ্যক্ষ সুনন্দ বড়োৰ তৎপৰতাত শিক্ষক দিৱসৰ বিস্তৃত কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়। মডেল ইংলিছ স্কুলত শিক্ষা গুৰু সকলোক সন্মান জনাই গুৰু বন্দনাৰে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি ছাত্ৰ ছাত্ৰীৰ দক্ষতা প্ৰদৰ্শন কৰা হয়।

Leave A Reply

Your email address will not be published.