ashomiyapatrika.com

পলাশবাৰীৰ উপৰহালী, নহিৰাত বিশ্ব নাৰিকল দিৱস উদ্‌যাপন

0 77

মিৰ্জাঃ পলাশবাৰীৰ উপৰহালীস্থিত গ্রামীণ স্বনিয়োজন প্রশিক্ষণ প্রতিষ্ঠানত উদ্যান শস্য গবেষণা কেন্দ্রৰ উদ্যোগত আৰু জ্ঞান বিজ্ঞান সমিতি কামৰূপ জিলাৰ সহযোগত যোৱা ২ ছেপ্তেম্বৰত দিনযোৰা কাৰ্যসূচীৰে “বিশ্ব নাৰিকল দিবস” উদযাপন কৰা হয়। অনুষ্ঠানত প্রতিনিধি সকলৰ নাম পঞ্জীয়ন, চিনাকী পর্ব, সম্বৰ্ধনাৰ পিছত অনুষ্ঠিত হোৱা সভাত উক্ত দিবসৰ তাৎপর্য বাখ্যা কৰে জ্ঞান বিজ্ঞান সমিতি কামৰূপ জিলাৰ সভাপতি মুণীন্দ্র দাসে। দাসে তেওঁৰ ভাষণ প্রসঙ্গত নাৰিকলৰ পৰা বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য প্রস্তুত কৰাৰ উপৰিও ডাৱ নাৰিকলৰ পানীয়ে মানুহক যথেষ্ট উপকাৰ সাধন কৰে। লগতে নাৰিকলৰ পাতৰ পৰা ঝাৰু প্রস্তুত কৰাৰ লগতে বিভিন্ন

ধৰণৰ সামগ্রী প্রস্তুত কৰিব পাৰি বুলি ব্যাখ্যা আগবঢ়াই। ৫০ গৰাকী কৃষক উপস্থিত থকা সভাত উদ্যান শস্য গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী ড° যোগেশ চন্দ্র নাথে নাৰিকল গছৰ উৎপাদন বঢ়াই কৃষক ৰাইজ কি দৰে লাভবান হব পাৰে সেই বিষয়ে বিশদভাবে আলোকপাত কৰে। সভাত উদ্যান শস্য গবেষণা কেন্দ্ৰৰ অধ্যক্ষ বিজ্ঞানী ড° কুসুম কুমাৰ ডেকাই নাৰিকলৰ মাতৃ গছ নির্বাচনৰ লগতে সাৰ প্রয়োগ নাৰিকল বিভিন্ন কৃষি পদ্ধতিৰ বিষয়ে বিতংকৈ বাখ্যা আগবঢ়াই। সভাত উদ্যান শস্য গবেষণা কেন্দ্রেৰ কনিষ্ঠা বিজ্ঞানী ড০ অঞ্জন বড়া উপস্থিত থাকি নাৰিকলৰ পুলি উৎপাদন পদ্ধতি, নাৰিকলৰ পুলিৰ নাৰ্চাৰী লগতে নাৰিকলৰ পুলিৰ ৰোপনৰ গাতৰ আকাৰ

কেনেকুৱা হব লাগে সেই বিষয়ে কৃষক ৰইজক ভাষণত উল্লেখ কৰে। সভাত জ্যেষ্ঠ বিজ্ঞানী ড° ডালিম পাঠকে নাৰিকল গছৰ বিভিন্ন বেমাৰ, আজাৰ, ৰোগ-প্রতিৰোধ সম্পর্কে আলোকপাত কৰে। উক্ত দিৱসৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠানৰ চৌহদত এক চাফাই অভিযানৰ চলোৱাৰ লগতে এটি উন্নত মানৰ নাৰিকলৰ পুলি ৰোপন হয়। আনহাতে উক্ত দিনাই পলাশবাৰীৰ নহিৰাতো অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কাঁহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বিশ্ব নাৰিকল দিৱস।

Leave A Reply

Your email address will not be published.