ashomiyapatrika.com

চেছামুখত অসম সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ ন – পুৰণি সতীৰ্থ বৈঠক সম্পন্ন

0 39

বকোঃ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বাণীৰে বৌদ্ধিক সমাজ গঢ়া তথা অসম মাতৃৰ ভাষা জননীৰ সেৱা কৰা অসম সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ ন – পুৰণি সতীৰ্থ বৈঠক খন আজি আনুষ্ঠানিক ভাৱে সম্পন্ন হয়। কামৰূপ জিলা সাহিত্য সভাৰ অন্যতম শাখা দমদমা সাহিত্য সভাৰ উদ্যোগত চেছামুখৰ ট্ৰেনজিচন একাডেমীত আজি এক মনোজ্ঞ অনুস্থানৰ জৰিয়তে আয়োজন কৰা হয় জিলা সাহিত্য সভাৰ ন – পুৰণি সতীৰ্থ বৈথক খন। উল্লেখ্য যে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° নৃপেন তালুকদাৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা বৈথকৰ আত ধৰে সম্পাদক ৰজনী শালৈয়ে। জিলা সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন স্থানৰ শাখা সাহিত্য সভাৰ

সভাপতি/সম্পাদক আৰু প্ৰতিনিধিৰ উপস্থিতিত আয়োজন কৰা বৈথকত অংশগ্ৰহণ কৰে অসমৰ প্ৰশাসনিক সেৱাৰ অৱসৰী আয়ুক্ত সচিব তথা অনুভৱী লেখক, সমালোচক থানেশ্বৰ মালাকাৰ, এমন্ট্ৰনৰ উপাধ্যক্ষ তথা সমাজ ৰত্ন বঁটা প্ৰাপক দিনমণি ভাণ্ডাৰ কায়স্থ, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সম্পাদক সকল, অসম সাহিত্য সভাৰ ভিন্ন বিভাগৰ আহ্বায়ক মণ্ডলী, সাহিত্য সভাৰ যুৱ সাংসদ সুশীল ডেকা সহ আৰু বহু সংখ্যক সাহিত্য সভাৰ শুভাকাংশীবৃন্দ। জিলা সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক হিচাপে সহকাৰী সম্পাদক প্ৰকাশ ডেকা, তৰণীচৰণ কলিতা, ধীৰাজ দাস, ৰাতুল ডেকাক, সাহিত্য সভাৰ বাৰ্তা সম্পাদক হিচাপে যুৱ

সাংবাদিক জিয়াউৰ হক, পত্ৰিকা সম্পাদক মুনিন্দ্ৰ মহন্ত, কোষাধ্যক্ষ বিলেত ঠাকুৰীয়া, ৰমেশ মেধি মুখ্য সাংগঠনিক সম্পাদক সহ সকলোকে মনোনীত পত্ৰ প্ৰদান আৰু শপত বাক্য পাঠ কৰোৱা হয়। বৈঠকত বকো শতদল শাখা সাহিত্য সভাৰ সভাপতি বিজয়া ডেকা, উপদেষ্টা ড° গণেশ্বৰ চহৰীয়া আৰু সহকাৰী সম্পাদক বিষ্ণু ৰাম দাসে অংশগ্ৰহণ কৰে। অনুস্থানৰ শুভাৰম্ভণিতে চিৰ চেনেহী মোৰ ভাষা জননী সমবেত সংগীত আৰু দিহা নাম পৰিবেশন কৰা হয়। ইফালে সাহিত্য সভাৰ আগন্তুক দিনত কৰিব লগা কাৰ্য্যসুচীৰ বিষয়ে অৱগত কৰে। কাৰ্য্যনিৰ্বাহক সভাৰ প্ৰথম বৈঠকত জিলা সাহিত্য সভাক উজ্জীৱিত কৰাৰ কথা ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.