২০২৩ বৰ্ষৰ ৰাজ্যিক শিক্ষক বঁটা ঘোষণাঃ নিম্ন প্ৰাথমিকৰ ১৩গৰাকী, মাধ্যমিক পৰ্যায়ৰ ২১গৰাকী আৰু উচ্চ প্ৰাথমিকৰ ২গৰাকীসহ ৩৬গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা
গুৱাহাটীঃ প্ৰতিবছৰে শিক্ষক দিৱসৰ দিনটোতে ৰাজ্য চৰকাৰে শিক্ষক সকললৈ বটা প্ৰদানৰ জৰিয়তে কৃতী শিক্ষকৰ বটা প্ৰদান কৰি আহিছে৷ অন্য বৰ্ষৰ দৰে এইবাৰো প্ৰদান কৰিবলগীয়া ২০২৩ বৰ্ষৰ ৰাজ্যিক শিক্ষক বঁটা আজি ঘোষণা ঘোষণা কৰা হৈছে৷ ঘোষিত অনুসৰি এইবাৰ নিম্ন প্ৰাথমিকৰ ১৩গৰাকী, মাধ্যমিক পৰ্যায়ৰ ২১গৰাকী আৰু উচ্চ প্ৰাথমিকৰ ২গৰাকীসহ মুঠ ৩৬গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা প্ৰদান কৰা হব৷ এইবাৰ ৰাজ্য চৰকাৰে সফলতাৰে নিজৰ দায়িত্ব সম্পন্ন কৰা নিম্ন প্ৰাথমিকৰ শাখাত কামৰূপ মহানগৰৰ ২ নং মঠঘৰীয়া এল পি স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী ৰাবিয়া বেগম, ডিব্ৰুগড়ৰ শ্ৰী শঙ্কৰদেৱ এল পি স্কুলৰ সহকাৰী
শিক্ষয়িত্ৰী মাধুৰিমা বৰা, শোণিতপুৰৰ অকাবস্তি মিৰি এল পি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আম্বিয়া বেগম, গোলাঘাটৰ ঢেকেৰীপেটা এল পি স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী নিৰু নাথ, গোৱালপাৰাৰ খিলামাৰা বাখাৰাপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষক ৰুদ্ৰ সিং ৰাভা, নলবাৰীৰ গলিয়া এল পি স্কুলৰ প্ৰধান শিক্ষক গিৰীন্দ্ৰ কাশ্যপ, চৰাইদেউৰ সাপেখাতী ব্লক এল পি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰাণু ফুকন, কৰিমগঞ্জৰ ৭৫৪ নং লালচেৰা এল পি স্কুলৰ প্ৰধান শিক্ষক চন্দন ত্ৰিপাঠী, ওদালগুৰিৰ ৫৮৬ নং গেৰুৱা বগৰীগুৰি এল পি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ঊষাৰাণী বায়ন, কামৰূপৰ পূব সোণাপুৰ এল পি স্কুলৰ প্ৰধান শিক্ষক ভূপেন্দ্ৰ কোঁৱৰ, শোণিতপুৰৰ লোকনায়ক
অমিয় কুমাৰ দাস এল পি স্কুলৰ সহকাৰী শিক্ষক ভূপেন্দ্ৰ কোঁৱৰ, বঙাইগাঁৱৰ দৰ্শটিলা এল পি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী জুৰি দাস, দৰঙৰ দলগাঁও টাউন এল পি স্কুলৰ প্ৰধান শিক্ষক খবিৰুদ্দিন আহমেদক বটাৰ বাবে বাচনি কৰিছে৷ আনহাতে উচ্চ মাধ্যমিকৰ শাখাত বৰপেটাৰ ছেইণ্ট যোছেফ হাইস্কুল এমালগামেটেডৰ সহকাৰী শিক্ষক তাপস কুমাৰ সৰকাৰ, দৰঙৰ বাপুজী গাৰ্লছ হাইস্কুলৰ স্নাতক শিক্ষক হিৰণ্য কুমাৰ নাথ, ওদালগুৰিৰ গোলমাগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক ধীৰেন্দ্ৰ নাথ বৰুৱা, গোৱালপাৰাৰ ফাটেঙাপাৰা হাইস্কুলৰ স্নাতক শিক্ষক মক্তাছিদুজ জামান আজাদ, দৰঙৰ লেঙেৰীয়াঝাৰ কৃষক
হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অতিৰিক্ত শিক্ষয়িত্ৰী অনিমা দাস, বাক্সাৰ বৰমা গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষক দেওবৰ ৰামচিয়াৰী, লখিমপুৰৰ জৱাহৰজ্যোতি এইচ এছ স্কুলৰ অধ্যক্ষ হৰি ভাগৱতী, কামৰূপৰ ডোৰাকঁহৰা হাইস্কুলৰ স্নাতক শিক্ষক মদনমোহন কলিতা, কামৰূপৰ ভৃংগেশ্বৰ হাইস্কুলৰ প্ৰধান শিক্ষক ভগৱান বৈশ্য, দৰঙৰ বুঢ়া এল বি হাইস্কুলৰ প্ৰধান শিক্ষক ভূষণ চন্দ্ৰ চহৰীয়া, গোলাঘাটৰ বোকাখাত এইচ এছ স্কুলৰ অধ্যক্ষ হেৰম্ব বাৰুকিয়াল, বাক্সাৰ আঠিয়াবাৰী বিদ্যামন্দিৰ এইচ এছ স্কুলৰ অধ্যক্ষ ৰণিশ চন্দ্ৰ ৰামচিয়াৰী, গোলাঘাটৰ মুহিৰাম হাজৰিকা হাইস্কুলৰ প্ৰধান শিক্ষক মৃণাল খাওন্দ, মৰিগাঁৱৰ অলকাপুৰ এছ এছ কে ছেকেণ্ডাৰী স্কুলৰ স্নাতক শিক্ষক
প্ৰদীপ কুমাৰ পাটৰ, দৰঙৰ ছিপাঝাৰ এইচ এছ এণ্ড এম পি স্কুলৰ স্নাতকোত্তৰ শিক্ষক পৱন কুমাৰ কলিতা, বৰপেটাৰ ডঃ কে কে দাস মেম’ৰিয়েল গাৰ্লছ হাইস্কুলৰ স্নাতক শিক্ষক গুণীন্দ্ৰ নাথ ওজা, কামৰূপ মেট্ৰ’ৰ আমচাং টি ই মডেল স্কুলৰ প্ৰধান শিক্ষক উপেন গোস্বামী, তিনিচুকীয়াৰ ফিলোবাৰী হাইস্কুলৰ স্নাতক শিক্ষক প্ৰদীপ শইকীয়া, ডিব্ৰুগড়ৰ নামচাং টি ই মডেল স্কুলৰ প্ৰধান শিক্ষক দেবজিৎ ঘোষ, বঙাইগাঁৱৰ হিন্দু এইচ এছ স্কুলৰ স্নাতকোত্তৰ শিক্ষক মৰমজ্যোতি দাস, ডিব্ৰুগড়ৰ চাচনী যমুনামুখ হাইস্কুলৰ প্ৰধান শিক্ষক ভূপেন গোহাঁইৰ নাম ঘোষনা কৰাৰ বিপৰীতে উচ্চ প্ৰাথমিকত ডিব্ৰুগড়ৰ
কছাৰীপথাৰ এম ই স্কুলৰ প্ৰধান শিক্ষক নলিনী কুমাৰ মজুমদাৰ আৰু ধুবুৰীৰ মধুশ’লমাৰী দাৰুল উলুম এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক বাবুল ৰহমান সৰকাৰ নাম ৰাজ্যিক শিক্ষক বঁটাৰ বাবে শিক্ষা বিভাগে নিৰ্বাচিত কৰিছে৷ তালিকা ঘোষণা হোৱাৰ পিছতে ৰাজ্যজুৰি শিক্ষক সমাজৰ মাজত আনন্দৰ বৈন্যা বৈছে৷