ashomiyapatrika.com

বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ নৱগত আদৰণী সভাঃ হীৰক জয়ন্তী বৰ্ষৰ বিশেষ কাৰ্য্যক্ৰমণিকা ৰূপায়ণ

0 28

বকোঃ আধুনিক প্ৰযুক্তিবিদ্যাৰ উৰ্ধৰ গুগলতকৈও শ্ৰেষ্ঠ শিক্ষক সকল, যি সকলে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ পুৰ্ণতা গঢ়ে বুলি তাৎপৰ্যপূৰ্ণ বক্তব্যৰে ভাষণ শুভাৰম্ভ কৰে অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শিক্ষাবিদ ড° কুলধৰ শইকীয়াই। উল্লেখ্য যে কামৰূপ জিলাৰ বকোৰ একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ আজি নৱাগত আদৰণী সভা। জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ২০২৩/২৪ বৰ্ষৰ নৱাগত আদৰণী সভাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কুলধৰ শইকীয়া। মহাবিদ্যালয় খনৰ

অধ্যক্ষ ড° তপন দত্তই সঞ্চালনা কৰা সভাত অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী তথা হাড়গীলা পক্ষীৰ জীৱনৰ ওপৰত গৱেষণা কৰা পৰিবেশ বিজ্ঞানী তথা গ্ৰীণ অস্কাৰ পুৰস্কাৰ বিজয়ী ড° পূৰ্ণিমা দেৱী বৰ্মণ। পৰিবেশ বিজ্ঞানী বৰ্মনে প্ৰকৃতিৰ সুৰক্ষা আৰু ইয়াৰ গুণাগুণৰ ওপৰত আলোকপাত কৰি ছাত্ৰ ছাত্ৰীৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত পৰামৰ্শ আগবঢ়াই। মুকলি সভাত প্ৰতিভা সম্পন্ন যুৱ খেলুৱৈ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত হোৱা উশ্বু খেলুৱৈ মোহন সিং ৰাভা আৰু দৃষ্টিৰাণী বড়োক বছৰটোৰ বিশেষ ছাত্ৰ আৰু ছাত্ৰীৰ সন্মান প্ৰদান কৰে। ইফালে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি চম্পক ৰাভা আৰু সাধাৰণ

সম্পাদক জ্যোতিষ্মান ৰাভাই জনোৱা মতে ছাত্ৰ একতা সভাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ সহযোগত আয়োজন কৰা নৱাগত আদৰণী সভাৰ কাৰ্য্যসূচী অনুসৰি পুৱাৰ ভাগত অধ্যক্ষ ড° তপন দত্তই পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে দিনটোৰ বৰ্ণাঢ্য কাৰ্যসূচী। অনুস্থানত শ্বহীদ তৰ্পন কৰে উপাধ্যক্ষ প্ৰবোধ চন্দ্ৰ দাসে। মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষীকান্ত শৰ্মাই গছ পুলি ৰোপন কৰে। নৱাগত আৱৰণী সভাৰ লগত সংগতি ৰাখি প্ৰাচীৰ পত্ৰিকা প্ৰস্তূত কৰি উন্মোচন কৰে বিশিষ্ট সমাজ সেৱক যতীন পাঠকে। নৱাগত আদৰণী সভাত মহাবিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও ওচৰ পাজৰৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ

ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এক হৰ্ষোল্লাসেৰে আয়োজন কৰা আদৰণী সভাৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আমন্ত্ৰিত শিল্পী দিপান্বীতা ডেকাৰ লগতে অন্যান্য শিল্পী ক’লা কুশলীৰ বিচিত্ৰানুস্থান পবিবেশন কৰা হয়। এক আনন্দ মুখৰ উৎসৱৰ মাজেৰে নৱাগত আদৰণী সভাৰ সামৰণি পৰে।

Leave A Reply

Your email address will not be published.