ashomiyapatrika.com

১১০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য, শিলসাকোত পুনৰ উচ্ছেদ অভিযানঃ অৰ্ধউলংগ হৈ মহিলাৰ প্ৰতিবাদ

0 47

গুৱাহাটীঃ গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান৷ ইয়াৰ অংশ হিচাপে আজিৰে পৰা শিলসাকোত পুনৰ প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। পুৱাৰে পৰা চলা উচ্ছেদ অভিযানৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পুৱাই প্ৰশাসনৰ এটা বৃহৎ দল উপস্থিত হৈ উচ্ছেদিত লোকসকলক ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়ে আৰু কিছুসময় পিছতেই জেচিবিৰে অবৈধভাৱে নিৰ্মাণ কৰা ঘৰসমুহ ভাঙি পেলায়৷ সপোনৰ ঘৰখন চকুৰ সম্মুখতে ভাঙি চুৰমাৰ কৰা দেখি উচ্ছেদ চলি থকাৰ মাজতে উপায়বিহীন হৈ মহিলাই অৰ্ধনগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰে। দুই মহিলাই অৰ্ধনগ্ন হৈ উচ্ছেদ অভিযানৰ বিৰুদ্ধে

প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ মহিলা দুগৰাকীৰ সৈতে আন উচ্ছেদিত লোকসকলেও প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদ কৰা মহিলাসকলক প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে চোঁচৰাই নিয়ে৷ অৰ্ধনগ্ন হৈ প্ৰতিবাদ কৰা দুই মহিলাসহ আৰক্ষীয়ে ২০ গৰাকী মহিলাক আটক কৰে।আটকাধীন মহিলাৰ ভিতৰত গৰ্ভৱতী মহিলাও আছিল বুলি জানিব পৰা গৈছে৷ আৰক্ষী আৰু প্ৰশাসনৰ এনে কাৰ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে এইবাৰ প্ৰায় ২০০টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য প্ৰশাসনৰ। ১১০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এই উচ্ছেদ কাৰ্য চলা বুলি প্ৰশাসনৰ এক সূত্ৰই সদৰী কৰিছে৷ ইফালে

চৰকাৰৰ এনে অমানৱীয় কাণ্ডৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে কংগ্ৰেছ, আম আদমী পাৰ্টী, ৰাইজৰ দল, জাতীয় পৰিষদ আদি বিভিন্ন দল সংগঠনৰ নেতৃত্বই৷
শিলসাঁকোৰ ৰাইজক মাটি ঘূৰাই দিয়ক, নহ’লে গাদী এৰকঃ চিপিআই (এম-এল)ৰ অসম ৰাজ্যিক সমিতিয়ে শিলসাঁকোত পুনৰ হিমন্ত চৰকাৰে চলোৱা উচ্ছেদৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু নিজ মাটি ভেটি ৰাখিবলৈ অসমীয়া মহিলাই উলংগ হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হোৱা ঘটনাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰ খনৰ চৰম নিষ্ঠুৰ অমানৱীয় কাৰ্য হিচাপে অভিহিত কৰিছে। দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয় যে হিমন্ত চৰকাৰক

ধিক্কাৰ দিবলৈ এতিয়া ভাষা নোহোৱা হ’ল। মনিপুৰত মহিলাক উলংগ কৰি সমদল কৰা, ধৰ্ষণ কৰাৰ পিছত অসমত অগপ জাতীয়তাবাদী আৰু হিন্দু জাতীয়তাবাদীৰ যুগলবন্দী চৰকাৰৰ শাসনত অসমীয়া মহিলাই উলংগ হৈ প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল। খিলঞ্জীয়াৰ সুৰক্ষাৰ নাম লৈ শাসনত বহা আৰু মিঞামুচলমানৰ ওপৰত কৰা প্ৰতিটো জঘন্য আক্ৰমনক খিলঞ্জীয়াৰ সুৰক্ষাৰ নামত বৈধতা দিব খোজা বিজেপি দল তথা মতাদৰ্শ আৰু চৰকাৰৰ আচল স্বৰূপ ওলাই আহিল। এতিয়া সময় আহিছে হিমন্ত-অশোক সিংঘাল, আদানী-ৰামদেৱ বাহিনীৰ কবলৰ পৰা অসম আৰু অসমীয়াৰ মাটি ভেটি সম্পদ সুৰক্ষিত কৰা আৰু উচ্ছেদ,

এনকাউন্টাৰ, আদিক সাম্প্রদায়িক ৰং দি বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ মাজত চলাই থকা বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে সৰ্বাত্মক ঐক্য গঢ়ি তোলাৰ। নহ’লে শৰাইঘাটৰ যুজ দিয়া অসমে আৰু অপমানজনক পৰিস্থিতিৰ মুখামুখী হ’ব লাগিব। আজি নিজৰ ভেটি-মাটিৰ বাবে অৰ্ধ উলংগ হ’ব লগা হ’ল অসমী আইৰ স্বাভিমানী মহিলাসকল জাতি-ধৰ্ম ৰক্ষাৰ ঠিকা লোৱা স্বয়ম্ভু ঠিকাদাৰ জনৰ হাতত। আনহাতে প্ৰতিবাদ কাৰীসকলক গ্ৰেপ্তাৰ কৰা কাৰ্যই চৰকাৰখনৰ আন এক জঘণ্য নিধক কাণ্ডৰ পৰিচয় দাঙি ধৰিলে। গুৱাহাটীৰ বান আৰু যান যটৰ সমস্যা দ্ৰুত সম্প্ৰসাৰিত মহানগৰে গঢ়ি তোলা সমস্যা আৰু ইয়াক এক জনমুখী দীৰ্ঘম্যাদী পৰিকল্পনাৰ আধাৰত সমাধানৰ চেষ্টা

কৰাৰ বিপৰীতে ব্যৱসায়িক মুনাফাৰ উৎস আৰু নিম্নবৰ্গৰ লোকক উৎপীড়নৰ লক্ষ্য কৰি লৈছে চৰকাৰখনে। হিমন্ত চৰকাৰখনে ইতিমধ্যে গাদীত থকাৰ অধিকাৰ হেৰুৱাই পেলাইছে আৰু কেৱল হিমন্ত চৰকাৰক গাদীৰ পৰা অপসাৰণ কৰাৰ জৰিয়তেহে অসমীয়া খিলঞ্জীয়া আৰু অসমক ৰক্ষা কৰা সম্ভৱ। প্ৰেছ বিজ্ঞপ্তিটোত শিলসাঁকোৰ ৰাইজক মাটি ঘূৰাই দিয়াৰ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞাৰ দখলত থকা ২৯ বিঘা চৰকাৰী মাটি বেদখল মুক্ত কৰিবলৈ আৰু শিলসাকোত গ্ৰেপ্তাৰ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসহ সকলো প্ৰতিবাদী ৰাইজক শীঘ্ৰে বিনাচৰ্তে মুক্তি দিবলৈ দাবী জনায়।

শিলসাকোত উচ্ছেদক গৰিহণা অসম ৰাজ্যিক কৃষক সভাৰঃ অসম চৰকাৰে গুৱাহাটীৰ শিলসাকোত আজি পুনৰ উচ্ছেদ চলোৱাৰ বাবে অসম ৰাজ্যিক কৃষক সভাই চৰকাৰক তীব্ৰ গৰিহণা দিছে৷ বিগত সময়ছোৱাত শিলসাকোত কেবাবাৰো উচ্ছেদ চলিছে৷ চৰকাৰী হাৰাশেস্তিৰ বলিৰ প্ৰতিবাদত মহিলাই অৰ্ধ উলঙ্গ হ’বলগীয়া হোৱাত চৰকাৰক ধিক্কাৰ দিছে অসম ৰাজ্যিক কৃষক সভাই৷ চৰকাৰে উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি আগবঢ়ায়ো শেষত প্ৰতিশ্ৰুতি ভঙ্গ কৰিছে৷ শিলসাকোৰ ডাঙৰ হোটেল, ক্ষমতাশালী ৰাজনীতিকৰ চৌহদক স্পৰ্শ কৰিবলৈ প্ৰৱল ক্ষমতাশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়ালৈকে সাহসে কুলুৱা নাই৷ অসম

ৰাজ্যিক কৃষক সভাই শিলসাকোৰ উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ, বিকল্প ব্যৱস্থা সম্পূৰ্ণ কৰি মানুহখিনিক স্থানান্তৰ কৰিবলৈ আৰু উচ্ছেদৰ নামত ধ্বংস কৰা গৰিৱ মানুহৰ সম্পত্তিৰ সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিবলৈ দাবী জনাইছে অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাস আৰু সম্পাদক গজেন বৰ্মনে৷
শিলসাকোৰ উচ্ছেদৰ প্ৰতিবাদ সংযুক্ত কিষাণ মৰ্চাৰঃ গুৱাহাটীৰ পানী নিষ্কাষণৰ নামত পুনৰ উচ্ছেদৰ বলি হ’ল শিলসাকোৰ গৰিৱ বাসিন্দা৷ একে শিলসাকোৰ মাটি দখল কৰি থকা শক্তিশালী ব্যৱসায়ীক লোকসকলৰ প্ৰতি এতিয়ালৈকে দৰদহে দেখি থকা হৈছে৷ গৰিৱ মহিলাই অৰ্ধ উলঙ্গ হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য কৰা চৰকাৰক ক্ষমা নকৰে অসমৰ মহিলা সমাজৰ লগতে অসমৰ

সৰ্বসাধাৰণে৷ বিকল্প ব্যৱস্থা নোহোৱাকৈ গৰিৱ পৰিয়ালক উচ্ছেদৰ অমানৱীয় নীতিক গৰিহণা দিছে সংযুক্ত কিষাণ মৰ্চাই৷ সংযুক্ত কিষাণ মৰ্চাই দাবী কৰে বিকল্প ব্যৱস্থা অবিহনে সকলোধৰণৰ উচ্ছেদ বন্ধ ৰাখক আৰু ইতিমধ্যে উচ্ছেদিতসকলক ক্ষতিপূৰণ দিয়ক৷

Leave A Reply

Your email address will not be published.