ভিত্তিহীন প্ৰচাৰ কাৰ্যত বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ আই,ই,আৰ,পিৰ প্ৰতিক্ৰিয়া
ধিংঃ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সমূহৰ আন্তঃগাঁথনি উন্নয়ন, বিভিন্ন খেলা সামগ্ৰী, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মকে ধৰি বিদ্যালয়ৰ উন্নিত সাধনৰ উদ্দেশ্যে ৰাজ্যৰ শিক্ষা বিভাগে আবণ্টন দিয়ে ধন৷ বিভাগীয় উদ্ধতম বিষয়াৰ নীতি নিৰ্দেশনা অনুসৰি উক্ত আবণ্টিত ধন ৰাশি বিদ্যালয় সমূহৰ পৰিচালনা সমিতিয়ে নিজা ববীয়াকৈ স্থানীয় বা জিলাৰ চৰকাৰী পঞ্জীয়ন ভূক্ত ভেণ্ডৰ বাচনি কৰি সেই ভেণ্ডৰৰ পৰা প্ৰয়োজনীয় সামগ্ৰী সমূহ ক্ৰয় কৰি পোনপতীয়া ভাৱে ধনৰ লেনা দেনা কৰে আৰু সেই খৰচৰ সবিশেষ শিক্ষাখণ্ডৰ কাৰ্যালয় কৰ্তৃপক্ষৰ হাতত জমা দিব লাগে৷ শেহতীয়াকৈ ইয়াৰ বিপৰীতে নগাওঁ জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ একাংশ কৰ্মৰত
কৰ্মচাৰীক সাঙোৰী কেতবোৰ ভিত্তিহীন বাতৰি প্ৰচাৰ কৰাৰ কাৰ্যক গৰিহনা দিয়াৰ লগতে শিক্ষাখণ্ডটোৰ আই, ই, আৰ, পিৰ কৰ্মচাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ শিক্ষাখণ্ডটোৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে আই,ই,আৰ,পিৰ কৰ্মচাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জানিব দিয়া মতে উল্লিখিত শিক্ষা খণ্ডটোৰ অন্তৰ্গত বিদ্যালয় সমূহলৈ চৰকাৰী ভাৱে আবণ্টন দিয়া উক্ত ধনৰ লগত শিক্ষা খণ্ডটোৰ কোনো বিষয়া কৰ্মচাৰী জড়িত নহয় আৰু বিভাগীয় নিৰ্দেশনা অনুসৰি জড়িত হব নোৱাৰে৷ তদুপৰি এনে ভিত্তিহীন বাতৰি প্ৰচাৰ কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি সত্যনিষ্ঠ তথা অনুসন্ধান কৰি বাতৰি পৰিবেশন কৰিবলৈকো আহ্বান জনায় কৰ্মচাৰী সকলে৷