ashomiyapatrika.com

বকোত নতুনকৈ সংযোজন হ’ল জোনজ্যোতি পুস্তকালয়ঃ বৌদ্ধিক সমাজ গঢ়োতা জনাৰ্দন বড়োৰ প্ৰয়াস

0 55

বকোঃ কামৰূপ জিলাৰ বকোত বৌদ্ধিক চিন্তা-চৰ্চাৰ জৰিয়তে সুষ্ঠ সমাজ গঢ়াৰ আন্দোলন সৃষ্টি কৰা সচেতন সফল ব্যক্তি জনাৰ্দন বড়োৰ প্ৰয়াসত আজিৰ পৰা আৰম্ভ হ’ল জোনজ্যোতি পুস্তকালয় নামৰ প্ৰতিস্থান। বকোৰ বৰপাৰাস্থিত দীক্ষিতা চুইটছ এণ্ড বেকাৰী আৰু ভোজনালয়ৰ লগত সংলগ্ন কৰি নিৰ্মাণ কৰা গৃহত মুকলি কৰা হয় পুস্তকালয় খন। প্ৰকাশ্য যে আজি দিনৰ ভাগত এক মাংগলিক পৰিবেশত আনুষ্ঠানিক ভাৱে জোনজ্যোতি পুস্তকালয় খন উদ্ধোধন কৰে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপিকা ভৈৰৱী বড়োই। পুস্তকালয় খন উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ৰাজনীতি

বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰাণেশ্বৰ নাথ, ছয়গাঁও অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা নতুন কবি জিৰা হৰেশ্বৰ ৰাভা, বনগাঁওৰ শান্তী নিজৰা বাতৰি কাকতৰ এজেঞ্চীৰ স্বত্বাধিকাৰী জয়ন্ত মেধি, অসমীয়া প্ৰতিদিন কাকতৰ বকোৰ সাংবাদিক দিগন্ত কুমাৰ বৈদ্য, বকো মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বব্ৰুবাহন ৰাভা, যুৱ কৰ্মী তথা শিক্ষক নৱ নাথকে ধৰি বহু সংখ্যক অধ্যাপক অধ্যাপিকা আৰু শুভাকাংশীয়ে। ইফালে বিষ্ণু ৰাম দাসে আত ধৰা অনুস্থানত পুস্তকালয় উদ্ধোধক ভৈৰৱী বড়ো, ড° প্ৰাণেশ্বৰ নাথ, জয়ন্ত মেধি আৰু জিৰা হৰেশ্বৰ ৰাভাই জোনজ্যোতি পুস্তকালয়ৰ জৰিয়তে

বকোত কিতাপ, বাতৰি আৰু আলোচনী পঢ়াৰ সুষ্ঠ পৰিবেশ সৃষ্টি হ’ব বুলি প্ৰকাশ কৰে। ইফালে পুস্তকালয় খনত অসমীয়া – ইংৰাজী বাতৰি কাকত, আলোচনী, বাচকবনীয়া সাহিত্য সম্ভাৰৰ লগতে বিদ্যালয় – মহাবিদ্যালয়ৰ কিতাপ – বহী আৰু কাগজ কলম পোৱা যাৱ বুলি জানিব দিয়ে স্বত্বাধিকাৰী জনাৰ্দন বড়োই।

Leave A Reply

Your email address will not be published.