কংগ্ৰেছী নেতা সকলে নিজৰ ব্যক্তিগত ভৱিষ্যতকৈ লৈহে ব্যস্ত থাকে
গুৱাহাটীঃ ৰাজ্যিক বিজেপিৰ মুখপাত্র ড° জুৰি শৰ্মা বৰদলৈয়ে আজি এক সংবাদ মেল যোগে কংগ্রেছক দলক সমালোচনা কৰি কয় যে, পূর্ব বংগীয় এটা বিশেষ শ্রেণীক প্রাধান্য দিয়া কংগ্ৰেছে অসমীয়া জাতিৰ কাৰণে কেতিয়াও মাত মতা নাছিল। কংগ্ৰেছ দলৰ নেতা সকলে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাহিৰে অসমৰ ৰাইজৰ কথা কেতিয়াও চিন্তা কৰিব নোৱাৰিলে। শতিকা পুৰণি কংগ্ৰেছ দলে কার্যকৰ্তাৰ কাৰণে এটা আটকধুনীয়া কাৰ্যালয় নিৰ্মাণ কৰিব নোৱাৰাটো অত্যন্ত লজ্জাজনক কথা। অৱশ্যে এইক্ষেত্ৰত বিফল হ’লেও প্রদেশ কংগ্ৰেছৰ নেতা সকলে মহানগৰীৰ হাতীগাঁও এলেকাৰ লগতে আন বহুটো অঞ্চলত সম্পত্তিৰ পাহাৰ গঢ়িছে। তেওঁ লগতে কয় যে
ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক, জিলা তথা মণ্ডলৰ কাৰ্যালয়সমূহ দলৰ কাৰ্যকৰ্তা সকলৰ আৰ্থিক অৰিহণা, শ্ৰম আৰু ত্যাগৰ বিনিময়ত গঢ় লৈ উঠিছে। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই দলটোৰ ভৱিষ্যত চিন্তা কৰাৰ লগতে কংগ্ৰেছী নেতা সকলে নিজৰ ব্যক্তিগত ভবিষ্যতকৈ লৈহে ব্যস্ত থাকে। সংবাদমেলতে প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি মুখপাত্র গৰাকীয়ে কয়, প্রকৃততে ভূপেন বৰাই কেতিয়াও ৰাইজৰ মন চুব পৰা নাই। সেয়ে প্ৰতিটো নিৰ্বাচনত তেখেত মুখথেকেচা খাই আহিছে। মহাভাৰতৰ জ্ঞান নথকা তথা আমাৰ আৰাধ্য দেৱতাক বিতৰ্কৰ মাজলৈ টানি অহা তৰল মুখৰ ভূপেন বৰাই ৰাজ্য চৰকাৰৰ মন্ত্রী পীযূষ হাজৰিকাক
সমালোচনা কৰা কোনো নৈতিক অধিকাৰ নাই। ৰাজ্যৰ অন্যতম যুৱ মন্ত্ৰী গৰাকীৰ কৰ্মদক্ষতাক ইতিমধ্যে অসমৰ ৰাইজে আকোৱালি লৈছে। একেদৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যৰ চৌদিশে উন্নয়নৰ এক অদ্ভুত জাগৰণৰ সৃষ্টি হৈছে। কংগ্ৰেছী নেতা সকলে এনে বৃহৎ পৰিৱর্তন দেখি নিজকে লজ্জাৱোধ কৰাই নহয়, নিজকে অপৰাধী যেন অনুভৱ কৰিছে। সেয়ে হয়তো কংগ্ৰেছী সকলে চোলা ফালি প্ৰতিবাদ কৰি, সঘনাই হকে বিহকে তৰল মন্তব্য প্রদান কৰি নিজৰ হতাশগ্রস্ততাক ৰাইজৰ আগত দাঙি ধৰিছে।