ধিং শান্তিবন শ্মশানৰ পৰিৱেশ নিকাকৰণঃ শিল্পীৰ ৰং-তুলিকাত জিলিকিছে মহাদেৱৰ ছবি
ধিংঃ নগাওঁ জিলাৰ বৃহত্তৰ ধিং অঞ্চলৰ অতিকৈ পুৰণি শান্তিবন শ্মশানৰ পৰিৱেশ নিকাকৰণৰ উদ্যোগ লৈছে ধিঙৰ এচাম যুৱ প্ৰজন্মই৷ সম্প্ৰতি সমাজজীৱনত নিচাযুক্ত দ্ৰব্যৰ আগ্ৰাসনত যুৱসমাজৰ মাজত বিশৃংখলতাৰ সৃষ্টি হোৱা বুলি সততে উঠা অভিযোগৰ বিপৰীতে ধিঙৰ যুৱসমাজৰ এই কৰ্মসূচীৰ নিশ্চিত ভাৱে ব্যতিক্ৰমী বুলি বিবেচিত হৈছে। ইপিনে প্ৰায় পাঁচ বিঘাতকৈ অধিক চৌহদ সামৰি থকা শ্মশানখন ধিং আঠগাঁও, ধিং চাৰিআলি, ৰত্ননগৰ, আঠগাঁৱৰ ভাটিখণ্ডকে ধৰি প্ৰায় শতাধিক যুৱকে নিজা উদ্যোগত হাবি জংঘল কাটি পৰিস্কাৰ কৰাৰ লগতে চিতা- থলীখন নিকা কৰে৷ তদুপৰি অসমৰ প্ৰতিষ্ঠিত ভাস্কৰ্য শিল্পী তথা ধিঙৰ সন্তান
দেবাশীষ বৰাৰ ৰং-তুলিকাত প্ৰাণ পাই উঠিছে মহাদেৱৰ আলোক চিত্ৰ৷ শান্তিবন শ্মশানৰ চিতাথলীৰ কাষত থকাত বেৰত শিল্পী বৰাই অংকিত কৰিছে শক্তিৰ অধিকাৰী শিৱৰ ছবি। আনহাতে ধিঙৰ যুৱপ্ৰজন্মৰ এনে ইতিবাচক সামাজিক বাৰ্তা প্ৰেৰণ কৰা পদক্ষেপক প্ৰশংসা কৰাৰ শ্মশান পৰিচালনা সমিতিখন নতুনকৈ গঠন কৰিবলৈ আহ্বান জনাইছে সচেতন মহলে৷ আজিৰ এই নিকাকৰন কাৰ্যসূচীত ধিং আঠগাঁৱৰ গাওঁ প্ৰধান মুকুল কলিতা, বিদ্যুৎ বৰা, প্ৰানজিৎ বৰা,হীৰক জ্যোতি বৰা , চিবু শৰ্মা, ৰাজীব লোচন শইকীয়া, বিদ্যুৎ জ্যোতি খাউণ্ড, সাৰংগ কলিতা, বুবুলী হাজৰিকা, আৰু পাৰ্থ জ্যোতি বৰা লগতে প্ৰায় কুৰি গৰাকী যুবকে এই নিকাকৰন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।