ashomiyapatrika.com

ভাৰতৰ অৰ্থনীতিৰ বিকাশত শক্তি প্ৰদান কৰা অভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ২০১৪ চনৰ পৰা বিজেপি চৰকাৰে ৫,২০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছেঃ সৰ্বানন্দ সোণোৱাল

0 40

উত্তৰ-পূব ভাৰতৰ অভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ১,৭০০ কোটি টকাৰ প্ৰকল্পৰ বিনিয়োগঃ গুৱাহাটীত বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ২০২৩ৰ ৰোড শ্ব’ মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটীঃ বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন, ২০২৩ (জিএমআইএছ)ৰ গুৱাহাটীৰ ৰোড শ্ব’ আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। এই ৰোড শ্ব’ত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য আৰু বিমল বড়া, অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী মামা নাটুং, নাগালেণ্ড চৰকাৰৰ উপদেষ্টা (পৰিবহণ আৰু কাৰিকৰী শিক্ষা) তথা বিধায়ক টেমজেনমেনবা, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি. কে. ৰামচন্দ্ৰন, ৰাষ্ট্ৰীয় শিপিং ব’ৰ্ডৰ (এনএছবি) অধ্যক্ষ সঞ্জীৱ ৰঞ্জন, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়ৰ উপৰি বাণিজ্য

খণ্ডৰ লগতে সামুদ্ৰিক খণ্ডৰ অন্যান্য গণ্য-মান্য ব্যক্তি আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। আজি গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত অনুষ্ঠিত বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ২০২৩ৰ ৰোড শ্ব’ত উত্তৰ-পূব ভাৰতৰ কৰ্প’ৰেট জগতৰ অগ্ৰণী ব‍্যক্তি, চৰকাৰী বিষয়া, দূৰদৰ্শী চিন্তাৰ টেকন’ক্ৰেট আৰু ৰাজনৈতিক নেতাসকল উপস্থিত আছিল। আগন্তুক জিএমআইএছ ২০২৩ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ভাৰতীয় অৰ্থনীতিৰ বাবে এক নতুন পথ নিৰ্ধাৰণৰ সুযোগ অন্বেষণ কৰিবলৈ সমবেত লোকসকলক আমন্ত্ৰণ জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই ৰোড শ্ব’ৰ উদ্দেশ্য হৈছে সামুদ্ৰিক খণ্ড আৰু আভ্যন্তৰীণ জলপথ উদ্যোগৰ সকলো অংশীদাৰৰ সৈতে জড়িত হৈ

আগন্তুক তৃতীয় বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ২০২৩ (জিএমআইএছ)ৰ সফলতাৰ পথ প্ৰশস্ত কৰা। এই অনুষ্ঠানৰ আন এক উদ্দেশ্য আছিল সামুদ্ৰিক খণ্ডত সম্ভাৱনা অন্বেষণৰ দিশত অভ্যন্তৰীণ জলপথৰ ভূমিকা জগাই তোলা আৰু আঞ্চলিক বিকাশৰ বাবে জলপথৰ ব্যৱহাৰ আৰু সামুদ্ৰিক আন্তঃগাঁথনি, বাণিজ্য আৰু উন্নয়ন ত্বৰান্বিত কৰা আৰু এইক্ষেত্ৰত উত্তৰ-পূব অঞ্চলটোৰ প্ৰৱেশাধিকাৰ সজ্জিত কৰাৰ বাবে ব্যাপক আলোচনাত মিলিত হোৱা। ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দ্বাৰা সঞ্চালিত গুৱাহাটীৰ ৰোড শ্ব’ হৈছে সামুদ্ৰিক খণ্ডৰ অংশীদাৰসকলৰ বাবে সুযোগ মুকলি কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ। আজিৰ ৰোড শ্ব’ত

গুৱাহাটীস্থিত বাংলাদেশ দূতাবাসৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিন, বাংলাদেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ প্ৰাধিকৰণৰ যুটীয়া সচিব মহম্মদ ম’নোৱাৰ উজ জামান, ৰ’য়েল ভূটানীজ কনছুলেট জেনেৰেলৰ উপ-বাণিজ্য দূত (ভাইচ-কনছুল) ফুৰ্পা শ্বেৰিঙেও অংশগ্ৰহণ কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কয়, “অভ্যন্তৰীণ জলপথে ভাৰতীয় অৰ্থনীতিৰ বিকাশত অভূতপূৰ্ব শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত অভ্যন্তৰীণ জলপথ খণ্ডই যথেষ্ট উৎসাহ লাভ কৰিছে কিয়নো চৰকাৰে ২০১৪ চনৰ পৰা এই খণ্ডত ৫,২০০ কোটি টকাৰ বিনিয়োগ কৰিছে। বিগত ২৮ বছৰত কৰা বিনিয়োগতকৈ যোৱা ৯ বছৰৰ ভিতৰত চৰকাৰে কৰা

বিনিয়োগৰ পৰিমাণ ২০০%তকৈ অধিক বৃদ্ধি হৈছে। তদুপৰি, উত্তৰ-পূব ভাৰতৰ অভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ১,৭০০ কোটি টকাৰ প্ৰকল্পৰ বিনিয়োগ কৰা হৈছে। পৰিবহণৰ এই দক্ষ, কম খৰচী আৰু পৰিৱেশ অনুকূল মাধ্যমটোৱে দেশৰ ভিতৰুৱা অঞ্চলসমূহৰ অৰ্থনৈতিক সম্ভাৱনা উন্মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অভ্যন্তৰীণ জলপথত বিনিয়োগ কৰি আৰু আমাৰ সমৃদ্ধ তথা জটিল জলপথ প্ৰণালীক শক্তিশালী কৰি আমি এই উদ্যোগটোৰ বাবে এক সহযোগিতামূলক পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰাৰ প্ৰক্ৰিয়াত নিৰৱচ্ছিন্নভাৱে লাগি আছোঁ যিয়ে আমাৰ চুবুৰীয়া দেশসমূহৰ সৈতেও পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিব। এই অবিৰত প্ৰচেষ্টাই সকলো

দেশৰ লগতে দক্ষিণ এছিয়া অঞ্চলতো ভাৰতৰ সম্পৰ্ক উন্নীত কৰি বৃহৎ বাণিজ্য আৰু অৰ্থনৈতিক সম্ভাৱনা উন্মুক্ত কৰিব। বন্দৰকেন্দ্ৰিক উন্নয়নৰ ভূমিকাৰ কথা উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত আমাৰ চৰকাৰে ভাৰতীয় বন্দৰসমূহক বিশ্বমানৰ স্তৰলৈ লৈ যোৱাৰ লক্ষ্য ৰাখিছে। ইয়াৰ বাবে অধিক ঔদ্যোগিকৰণ, উৎপাদন বৃদ্ধি আৰু ব্যৱসায় কৰাৰ নীতিৰ সৰলীকৰণ আদিত গুৰুত্ব দিয়া হৈছে। সামুদ্ৰিক ক্ষেত্ৰত আমাৰ দেশখন এতিয়া দ্ৰুতগতিৰে আগুৱাই গৈছে। দেশৰ এই অভূতপূৰ্ব পৰিৱৰ্তনৰ অংশ হিচাপে আমি ভাৰতীয়সকলে গৌৰৱ কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বত আমি

কেৱল প্ৰয়োজনীয় দক্ষতাই নহয়, বিশ্বৰ মঞ্চত উৎকৃষ্ট হোৱাৰ শক্তিও অৰ্জন কৰিছোঁ। ভাৰতৰ বন্দৰসমূহৰ আধুনিকীকৰণৰদ্বাৰা উপকূলীয় সম্প্ৰদায়, উপকূলীয় জিলাসমূহৰো উন্নতি নিশ্চিত কৰাত অগ্ৰাধিকাৰ দিয়া হৈছে। ভাৰতীয় বন্দৰসমূহক বিশ্ব মানলৈ উন্নীত কৰিলে এক শক্তিশালী বন্দৰ-চালিত অৰ্থনৈতিক পৰিৱেশৰো সৃষ্টি হ’ব। তদুপৰি, সৰ্বানন্দ সোণোৱালে মহিলা উদ্যোগী সকলক সামুদ্ৰিক খণ্ডৰ সুযোগ-সম্ভাৱনা অন্বেষণ কৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়। গুৱাহাটীৰ দূতাবাসস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে সামুদ্ৰিক ক্ষেত্ৰত যোগাযোগ বৃদ্ধিৰ দিশত আঞ্চলিক সহযোগিতাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভত

আলোকপাত কৰে। তেওঁ কিছুমান বন্দৰ প্ৰকল্পৰ গুৰুত্বৰ সন্দৰ্ভতো আলোকপাত কৰে যিয়ে ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বৃদ্ধিত সহায় কৰিব। তেখেতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘গঙ্গা আমাৰ মা, পদ্মা আমাৰ মা, ও আমাৰ দুই চোখে দুই জলেৰ ধাৰা- মেঘনা-যমুনা’ৰ শাৰী উল্লেখ কৰি কয় যে নদীৰ মাজেৰে দুখন দেশৰ আন্তৰিক আৰু পাৰস্পৰিক সম্পৰ্কৰ মহত্ব আৰু গুৰুত্বৰ গুণ-গান কৰি সুধাকণ্ঠই জলপথৰ গৰিমাকো মহিমামণ্ডিত কৰি থৈ গৈছে। আজিৰ অনুষ্ঠানটোত আন্তঃগাঁথনি সম্পৰ্কীয় কাৰিকৰী অধিৱেশনসহ তিনিটা অধিৱেশন অনুষ্ঠিত হৈছিল য’ত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিশেষজ্ঞসকলে জলপথ

সম্পৰ্কীয় বিভিন্ন চিন্তা-চৰ্চা আগবঢ়াইছিল। বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন, ২০২৩-ৰ মুখ্য অনুষ্ঠানৰ অংশ হিচাপে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে আয়োজন কৰা ৰোড শ্ব’ৰ শৃংখলাত গুৱাহাটীৰ ৰোড শ্ব’টো হৈছে পঞ্চম। মূল অনুষ্ঠানটো অহা ১৭-১৯ অক্টোবৰৰ ভিতৰত দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে কলকাতা, মাংগালোৰ, বিশাখাপতনম আৰু গোৱাতো একেধৰণৰ ৰোড শ্ব’ৰ আয়োজন কৰা হৈছিল। গুৱাহাটীৰ পাছত চেন্নাই, ভুৱনেশ্বৰ, বাৰাণসী, কোচি, আহমেদাবাদ আৰু বাংগালোৰতো ৰোড শ্ব’ৰ পৰিকল্পনা কৰা হৈছে।

Leave A Reply

Your email address will not be published.