ashomiyapatrika.com

ৰাজ্যিক বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ বৰ্দ্ধিত বিষয়ববীয়া বৈঠক সম্পন্ন

0 36

কংগ্ৰেছক চাহ বাগিচাৰ জনসাধাৰণে প্ৰত্যাখ্যান কৰিছেঃ পল্লৱ লোচন দাস

গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আজি চাহ জনগোষ্ঠী মৰ্চাৰ বৰ্দ্ধিত বিষয়ববীয়াৰ বৈঠক অনুষ্ঠিত হৈ যায়। মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা চাহ মৰ্চাৰ প্ৰভাৰী পল্লৱ লোচন দাস, মৰ্চাৰ বিষয়ববীয়াৰ লগতে ৩৯ খন সাংগঠনিক জিলাৰ সভাপতি, প্ৰভাৰী আৰু কাৰ্যকৰ্তা সকল উপস্থিত আছিল। উক্ত বৈঠকৰ পিছতেই সংবাদমেল সম্বোধন কৰি সভাপতি দিগন্ত ঘাটোৱাৰে কয়, আজিৰ বৈঠকত মৰ্চাৰ আগন্তুক কৰ্মৰাজিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা হৈ যায়। তেওঁ লগতে কয়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনভাৰলৈ অহা

পিছতেই চাহ জনগোষ্ঠীৰ জনসাধাৰণৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ হৈ উঠিছে। প্ৰতিজন চাহ জনগোষ্ঠীৰ নাগৰিকেই সুস্থ সৱলভাৱে জীৱন নিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছে। সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মৰ্চাৰ কাৰ্যকৰ্তাসকলে ভোটাৰ চেতনা কাৰ্যসূচীৰ লগতে অন্যান্য কাৰ্যসূচীৰ গ্ৰহণ কৰি চাহ জনগোষ্ঠীৰ ৰাইজৰ ওচৰলৈ যাব বুলি তেওঁ লগতে সদৰী কৰে। আনহাতে সাংসদ পল্লৱ লোচন দাসে কয়, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকালত চাহ জনগোষ্ঠীৰ জনসাধাৰণে বিশেষ গতি লাভ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ লগতে পূৰ্বৰ বিজেপি চৰকাৰে অসমৰ লাখ লাখ চাহ জনজাতীয় লোকসকলে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যাসমূহ দৃঢ়তাৰে

সমাধাণ কৰিছে। অনাগত দিনত ৰাজ্যিক বিজেপিয়ে ৰাজ্য চৰকাৰক চাহ জনজাতীয় লোকসকলক ৰেচন কাৰ্ড প্রদান, আয়ুষ্মান কাৰ্ড আৰু আধাৰ কাৰ্ড নিৰ্মাণৰ লগতে ভোটাৰ তালিকাত নাম অন্তর্ভূক্তিকৰণৰ ক্ষেত্ৰত সহাযোগিতা আগবঢ়াব। মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বৰ বাবে চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থী সকলৰ বাবে মেডিকেল, ইঞ্জিনিয়াৰিঙত আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে চাহ জনজাতিৰ বাবে ৩ শতাংশ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ধন্যবাদৰ পাত্ৰ বুলি তেওঁ লগতে সদৰী কৰে। কংগ্ৰেছক সমালোচনা কৰি দাসে কয়, চাহ জনগোষ্ঠীৰ লোকসকলে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যা সমূহ কংগ্ৰেছৰে সৃষ্টি। এক দীঘলীয়া

সময়জুৰি শাসনত থাকোতে তেওঁলোকে এই সমস্যাসমূহ সমাধাণ কৰিব নোৱাৰিলে আৰু এতিয়া ঘৰিয়ালৰ চকুপানী টুকিছে। চাহ জনজাতি এলেকাৰ ৰাইজে কংগ্ৰেছ দলক ২০১৪ চনৰ পৰা প্রত্যাখ্যান কৰিছে আৰু, ২০২৪ চনৰ লোকসভা নির্বাচনতো কৰিব তাত কোনো সন্দেহ নাই। প্ৰদেশ কংগ্ৰেছৰ বাগানলৈ যোৱা কাৰ্যসূচীক হাস্যকৰ আখ্যা দি পল্লব লোচন দাসে কয়, চাহ জনগোষ্ঠীৰ ৰাইজে মনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক শ্রদ্ধা জনাই সেয়ে কংগ্ৰেছ দলৰ এনে অভিযানে কোনোধৰণৰ প্ৰভাৱ নেপেলায়।

Leave A Reply

Your email address will not be published.