কাইলৈ মুকলি কৰা হব মালিগাঁৱৰ নৱনিৰ্মীত উৰনীয়া সেতু
গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ যান যটৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো উৰনীয়া সেতু নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে৷ ইয়াৰে ভিতৰত নিৰ্মাণ হৈ উঠা মালিগাঁৱৰ দীৰ্ঘতম উৰনীয়া সেতুখন কাইলৈ আনুষ্ঠানিকভাৱে মুকলি কৰা হব বুলি ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে৷ মালিগাঁও চাৰিআলিৰ পৰা কামাখ্যালৈ পাণ্ডুকো সংযোগ কৰা ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ’ৰলেনযুক্ত উৰণীয়া সেতুখন ৩০ আগষ্ট ৰাখী পূৰ্ণিমাৰ পবিত্ৰ দিনটোত উদ্বোধন কৰা হ’ব। উল্লেখ্য যে পাণ্ডু ঘাটৰ ফালে উৰণীয়া সেতুখন দুটা লেনত সম্প্ৰসাৰিত হৈছে। উদ্ধোধন হবলগীয়া এই নতুন উৰণীয়া সেতুখনে মহানগৰীৰৰ স্তব্ধ হৈ অহা যাতায়াত ব্যৱস্থা সুচল
কৰাৰ লগতে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যাত্ৰীসকলে সময়মতে গৈ পোৱাত সহায় কৰিব৷ মুঠ ৪২০.৭৫ কোটি টকা ব্যয়ৰে নিৰ্মিত মালিগাঁও উৰণীয়া সেতুখন ২০২০ চনত সৰ্বানন্দ সনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথম শাসন কালত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল৷ বিগত প্ৰায় ৩ বছৰে উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য চলি থকা বাবে যাতায়াতত বহু সমস্যা হৈছিল। কিন্তু এতিয়া এই সমস্যা লাঘৱ হোৱাৰ আশাই জনসাধাৰণক আনন্দিত কৰি তুলিছে৷ উৰণীয়া সেতুখন কাইলৈ বিয়লি ৪.৩০বজাত মূখ্যমন্ত্ৰী ড° হিমন্ত শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব৷ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি ৫বজাত মালিগাঁও চাৰিআলিত এখন
সভাৰো আয়োজন কৰা হৈছে৷ সভাত মন্ত্ৰী অশোক সিংহাল, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পূৱ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰৰ বিধায়ক অতুল বৰা উপস্থিত থাকিব৷ উৰনীয়া সেতুখনৰ দেৱালত অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা দেখা গৈছে৷ উৰণীয়া সেতুখন মালিগাঁও উৰণীয়া সেতুৰ নামেৰে পৰিচিত হ’ব বুলি জানিব পৰা গৈছে৷