বকোৰ শিংৰাত তিনি এ টি এম চোৰ গ্ৰেপ্তাৰঃ শিংৰাৰ ষ্টেট বেংকৰ এ টি এম চুৰিৰ চেষ্টা
বকোৰ পৰা বিষ্ণু ৰাম দাসঃ চোৰ ডকাইটৰ দৰে এচাম দুষ্ট চক্ৰৰ বাবে আৰক্ষীৰ নিদ্ৰা হৰণ হৈছে। তেনে এক জঘন্য ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকোত। প্ৰাপ্ত তথ্য অনুসৰি বকো থানাৰ আৰক্ষীৰ দলে এ টি এম চোৰৰ বিৰূদ্ধে অভিযান চলাই শনিবাৰৰ পুৱতি নিশা শিংৰাত আটক কৰে তিনি গভাইট চোৰক। উল্লেখ্য যে শিংৰাস্থিত ভাৰতীৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটা এ টি এমত চোৰ কেইটাই মেচিনৰ সহায়ত চুৰি কৰিবলৈ চেষ্টা কৰোঁতে বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ চন্দ্ৰ নাথ সহ এটি আৰক্ষীৰ দলে পুৱতি নিশা তিনিজন গভাইত চোৰক হাতে লোটে আটক কৰে। ধৃত চোৰ কেইটাই চুৰি কৰিবলৈ ব্যৱহাৰ কৰা ৱেল্ডিং মেচিন এটা আৰু এ এছ
১২ বি চি ৬৩০৯ নম্বৰৰ স্ক’ৰপিঅ’ বাহন এখনো জব্দ কৰে। আটক কৰা এ টি এম চোৰ কেইটাক বকো আৰক্ষীয়ে থানালৈ লৈ আনি অধিক তথ্যৰ বাবে জেৰা চলোৱাৰ অন্তত সোমবাৰে তিনিওকে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি জানিব দিয়ে বকো আৰক্ষীয়ে। ইফালে আটক কৰা চোৰ কেইটাৰ এগৰাকী হিন্দীভাষী। নাম কেইটা হ’ল ক্ৰমে নেকিবুৰ ৰহমান, ৰুবুল দাস আৰু বন্দি শংকৰ। আনহাতে পোনতে আৰক্ষীক সিহঁতে ৰেল বিভাগৰ কৰ্মী বুলি চিনাকি দিছিল।