ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাই শ্ৰৱন কৰিলে ‘মন কী বাত’ অনুষ্ঠানঃ উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো
গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে আজি অসমতো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ শ্ৰৱণ কৰে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত থাকি প্ৰধানমন্ত্ৰীৰ বক্তব্য শুনে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পিযুষ হাজৰিকা, ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় ক্ৰমে পল্লৱলোচন দাস আৰু ডিপ্লু ৰঞ্জন শৰ্মাও উপস্থিত থাকে। আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা কমলপুৰ বিধানসভা সমষ্টিত আয়োজিত ‘মন কী বাত’ অনুষ্ঠানত উপস্থিত থাকে। কলিতাই কয়, প্ৰধানমন্ত্ৰী গৰাকীয়ে বক্তব্যৰ জৰিয়তে অসম গৌৰৱ অম্লান বৰগোহাঁইক দেশবাসীৰ আগত পুনৰাই এক স্বীকৃতি দিয়াত অতিকৈ আনন্দিত হৈছোঁ। উল্লেখযোগ্য যে আজি দলৰ অনান্য ৰাজ্যিক বিষয়ববীয়া, জিলা বিষয় ববীয়াসকলে নিজ বুথত উপস্থিত থাকি ‘মন কী বাত’ অনুষ্ঠান শ্ৰৱণ কৰে।