অসম এথলেটিকছ সন্থাৰ সমন্বয় বৈঠকঃ ক্ৰীড়াবিদ সৃষ্টিহে এটা সন্থাৰ প্ৰধান দায়িত্ব হ’ব লাগে- জয়ন্ত মল্ল বৰুৱা
গুৱাহাটীঃ অসম এথলেটিকছ সন্থাৰ নৱ নিৰ্বাচিত সমিতিয়ে আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দায়িত্বভাৰ গ্ৰহন কৰিয়েই দিনযোৰা সভাৰ আয়োজন কৰে। আজি পুৱাৰ ভাগত ক্ৰীড়া সাংবাদিকসকলৰ সৈতে সন্থাৰ বিষয়-ববীয়াসকলে ক্ৰীড়াৰ উত্তৰন সম্পৰ্কে আলোচনা কৰাৰ লগতে পৰামৰ্শও গ্ৰহন কৰে। সাংবাদিকসকলৰ সৈতে বৈঠকৰ পিছতে ইপিনে এথলেটিকছ খেলুৱৈ আৰু অসম এথলেটিকছ সন্থাৰ বিষয়ববীয়াসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বিষয়সমূহ আলোচনাৰ পিছত ৰাজ্যৰ কেবিনট মন্ত্ৰী তথা অসম এথলেটিকছ সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি জয়ন্তমল্ল বৰুৱাৰ সভাপতিত্বত
নৱ-নিৰ্বাচিত কমিটিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে আদৰণি ভাষন ৰখাৰ পিছতে অসমৰ এথলেটিকছ ক্ষেত্ৰখনৰ উত্তৰণৰ লগতে ব্যাপক ৰূপত প্ৰসাৰ সম্পৰ্কে বিশেষদভাৱে সকলোৱে আলোচনাত মিলিত হয়। উল্লেখ যে এইখন কাৰ্যনিৰ্সভাতেই আগন্তক এথলেটিকছ প্ৰতিযোগিতাসমূহত এথলীট সকলৰ অংশগ্ৰহনৰ প্ৰক্ৰিয়া,অনুশীলন শিবিৰ অনুষ্ঠিত কৰাৰ লগতে বৰ্ষটোৰ বাবে এখন ক্ৰীড়া কেলেণ্ডাৰ প্ৰস্ততৰ কথাও সভাৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে। আনহাতে দুপৰীয়াৰ ভাগত অসমৰ জিলা ক্ৰীড়া বিষয়া, জিলা ক্ৰীড়া সন্থাৰ লগতে এথলেটিকছৰ সৈতে জড়িত বহুকেইগৰাকী
ব্যক্তিৰ উপস্থিতিত ব্যতিক্ৰমী চিন্তা চৰ্চাৰে অসম এথলেটিকছ সন্থাৰ সমন্বয় বৈঠক অনুষ্ঠিত হয়। এইখন সভাতেই অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্তমল্ল বৰুৱাই অসমৰ এথলেটিকছৰ লগতে খেলুৱৈসকলক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব বুলি শক্তিশালী কন্ঠৰে মন্তব্য আগবঢ়োৱৰ লগতে ক্ৰীড়াবিদ সৃষ্টিহে এটা সন্থাৰ প্ৰধান দায়িত্ব হ’ব লাগে বুলি মত প্ৰকাশ কৰে। সমন্বয় বৈঠকত অসম এথলেটিকছৰ বিভিন্ন বিষয়ৰ লগতে আগন্তুক খেল মহাৰণৰ প্ৰস্ততিৰ বিষয়ে উপস্থিত বিষয়-ববীয়া সকলে সকলোৰে সৈতে মত-বিনিময় কৰে। অসমৰ চুকে-কোণে লুকাই থকা প্রতিভাসমূহ উলিয়াই আনি ক্রীড়া মহাৰণৰ যোগেদি ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয়
স্তৰৰ বাবে প্রস্তুত কৰিব পাৰি সেই সম্পর্কেও সকলোৱে বিতং আলোচনাত মিলিত হয়।এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ বিষয়-ববীয়া সকলৰ লগতে অসম এথলেটিকছ সন্থাৰ বহুকেইগৰাকী বিষয়-ববীয়া উপস্থিত থাকে।