বকো সাহিত্য সভাৰ সম্পাদক তথা যুৱ সমাজ কৰ্মী জনাৰ্দন বড়োৰ মহানুভৱতাঃ দ’ল সংগঠনৰ কাৰ্য্যালয়ে কাৰ্য্যালয়ে পুৱাতে বিলায় বাতৰি কাকত
বকোঃ কামৰূপ জিলাৰ বকোত এক বৌদ্ধিক সমাজ গঢ়ি তুলিবলৈ একান্ত প্ৰচেষ্টাৰে বৰ্ণাঢ্য আন্দোলন সৃষ্টি কৰা সংগঠক হৈছে যুৱ সমাজ কৰ্মী জনাৰ্দন বড়ো। সামাজিক আৰু সমাজৰ কামত আগৰণুৱা তথা বকো সাহিত্য সভা শতদল শাখাৰ সাধাৰণ সম্পাদক জনাৰ্দন বড়োই বকোত শেহতীয়াকৈ আৰম্ভ কৰিছে এক অভিনৱ কাৰ্য্য। পুৱাৰ ভাগতে বৃহত্তৰ অঞ্চলটোৰ সমাজ সংগঠন, অনুস্থান – প্ৰতিস্থান আৰু শিক্ষানুস্থানত বিলাই ফুৰিছে বাতৰি কাকত। উল্লেখ্য যে প্ৰায়েই নতুন নতুন কাৰ্য্যসূচী যেনে – বিশ্ব বিখ্যাত শিল্পী লিওনাৰ্ড দা ভিঞ্চিৰ স্মৃতিত বিশ্ব সুকুমাৰ দিৱস, বছৰি কেৱা শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, শতাধিক
দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক হেমকোষ অভিধান সহ কিতাপ বিতৰণ আদিকে ধৰি বহু সহায় সহযোগিতাৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি আহিছে। তদ্ৰুপ একেই প্ৰয়াসেৰে যোৱা কালি অৰ্থাৎ ২৩ আগষ্টৰ পৰা আৰম্ভ কৰিছে ‘সপ্তাহটোৰ উপহাৰ’ শীৰ্ষক মানৱীয় প্ৰমুল্যবোধৰ এক অভিনৱ সেৱাৰ কাৰ্য্যসূচী। ইফালে বকোৰ যুৱ ব্যৱসায়ী তথা দীক্ষিতা চুইটছ এণ্ড ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰী জনাৰ্দন বড়োই জনোৱা মতে নিজৰ মনৰ ইচ্ছা আৰু সেৱাৰ মনোভালেৰে অসমীয়া প্ৰতিদিন বাতৰি কাকত খন বিলাই ফুৰিছে। জানিব পৰা মতে বড়ো ডাঙৰীয়াই বকো হাইস্কুল, বকো ছোৱালী হাইস্কুল, বকো ৰাজহ চক্ৰৰ কাৰ্য্যালয়, বকো আৰক্ষী থানাৰ কাৰ্য্যালয়, কোচ ৰাজবংশী
সংগঠনৰ কাৰ্য্যালয় চিলাৰায় ভৱনত, ৰাভা ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থাৰ কাৰ্য্যালয়, অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টীৰ লগতে কংগ্ৰেছ দলৰ কাৰ্য্যালয়ৰ উপৰিও বহু সংখ্যক বিশিষ্ট শিক্ষাবিদ শিল্পী আৰু সামাজিক ব্যক্তিক ঘৰে ঘৰে বিলাই ফুৰিছে কাকত খন। জনাৰ্দন বড়োৰ এই মহানুভৱতাক শলাগ লৈছে বকো অঞ্চলৰ সমাজ সংগঠনৰ নেতৃবৃন্দই।