ashomiyapatrika.com

ধেমাজি কাণ্ডৰ দোষী শাস্তিৰ পৰা বঞ্চিত – আপৰ প্ৰতিক্ৰিয়া

0 37

১৯ বছৰ পুৰণি কাণ্ডটোৰ প্ৰকৃত দোষীক চিনাক্ত কৰাত ব্যৰ্থ হোৱা বাবে গৃহ বিভাগ আৰু চৰকাৰক জবাবদিহি ‘আপ’ৰ

গুৱাহাটীঃ অসমৰ ইতিহাসত সংঘটিত হোৱা বিছিন্নতাবাদীৰ অন্যতম ৰক্তাক্ত কর্ম আছিল ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে ধেমাজি বোমা বিস্ফোৰণ। য’ত কণ কণ ১৪ টি শিশুৰ কৰুণ মৃত্যু হৈছিল। কিন্তু আজি চৰকাৰে সঠিক প্ৰামাণিক নত্ৰি পত্ৰ আদালতত দিব নোৱাৰাৰ বাবে বিস্ফোৰণ কাণ্ডৰ সকলো অভিযুক্তক তেওঁলোকৰ বিৰুদ্ধে থকা সকলো অভিযোগৰ পৰা দোষমুক্ত কৰে। এই ক্ষেত্ৰত আম আদমি পার্টীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে ২০০৪ চনৰ এই নাৰকীয় ঘটনাৰ লগত জড়িত অভিযুক্ত কেইজন যদি দোষমুক্ত হয়, তেন্তে প্রকৃত দোষী কোন? কণমানি শিশুকেইটিৰ প্ৰাণ কাঢ়ি নিলে কোনে? সেয়া হয়টো চৰকাৰী অধিবক্তাই

আদালতত প্ৰমাণ কৰিব নোৱাৰাৰ বাবেই আজিও ২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণৰ দোষী মুকলি আকাশৰ তলত। দলটোৱে ১৯ বছৰ পুৰণি এই কাণ্ডটোৰ প্ৰকৃত দোষীক চিনাক্ত কৰাত ব্যৰ্থ হোৱাৰ বাবে গৃহ বিভাগ আৰু চৰকাৰ জবাবদিহি বুলি উল্লেখ কৰে। দুৰ্ভগীয় পৰিয়ালকেইটা ন্যায় পোৱাৰ পৰা বঞ্চিত হ’ল। ইয়াৰ পূৰ্বেও উপযুক্ত প্রমাণ নথকাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ ১০০০ কোটি টকাৰ কেলেংকাৰিৰ অভিযুক্ত আটাইকেইজন ব্যক্তিক মুকলি কৰি দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Leave A Reply

Your email address will not be published.