ashomiyapatrika.com

বিদ্যুতৰ পয়ালগা সেৱাই অতিষ্ঠ কৰি তুলিছে বকোৰ সাধাৰণ গ্ৰাহককঃ সঘনাই লুকা ভাকু খেলত ব্যস্ত শক্তি বিভাগৰ বিদ্যুৎ সেৱা

0 35

বকোঃ ৰাজ্য চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ বিভাগটো হৈছে শক্তি বিভাগ। এই শক্তি বিভাগৰ কামৰূপ জিলাৰ বকোত থকা বিদ্যুৎ সম্প্ৰসাৰণ কেন্দ্ৰটো পৰিচালনাৰ দায়িত্বত থকা কাৰ্য্যবাহী অভিযন্তা গৰাকীৰ দায়িত্বজ্ঞানহীন কৰ্মৰ বাবে বৃহত্তৰ অঞ্চলটোত বিদ্যুৎ সেৱা সঘনাই ঢিমিক ধামাক। দিনটোৰ অধিক সময়েই বিদ্যুতৰ লুকা ভাকু খেল চলি থাকে। আনহাতে পূৰ্বৰ চৰকাৰৰ তুলনাত বৰ্তমানৰ বি জে পি চৰকাৰৰ দিনত বিদ্যুৎ মাছুল তিনি গুণ বৃদ্ধি পাইছে। ইয়াৰোপৰি বিদ্যুৎ গ্ৰাহকৰ মুৰত ৰামটাঙোন সোধাই গ্ৰাহক সকলে পোনতে সংযোগ কৰা সাধাৰণ মিটাৰ বক্স বিভাগটোৱে বিকল হোৱা দেখুৱাই। কিন্তু বিদ্যুৎ মিটাৰ নিয়াৰিকৈ চলি আছিল। ইয়াৰ পিছতে আহিল

ইলেকট্ৰনিক মিটাৰ, এই মিটাৰটোও বিকল হোৱা বুলি চৰকাৰী ভাৱে ঘোষণা কৰি ডিজিটেল মিটাৰ লৱলৈ গ্ৰাহকক ভয় ভাবুকি দিয়ে। এই ক্ষেত্ৰত বহু দৰিদ্ৰ পৰিয়ালৰ হাহাকাৰ সৃষ্টি হৈছে। যদিও ইলেকট্ৰনিক মিটাৰ বহুতৰ গৃহত চলি আছে। কিন্তু বিভাগটোৱে নিয়মিত ভাৱে চলি থকা মিটাৰকে ষ্টপ মিটাৰ বুলি কৈ গ্ৰাহকক ৰামটাঙোন মাৰি দিয়ে। নিয়মিত ভাৱে চলি থকা ইলেকট্ৰনিক মিটাৰক ষ্টপ বুলি কৈ এতিয়া গ্ৰাহকক ডিজিটেল মিটাৰ লৱলৈ বাধ্য কৰিছে। এতিয়া আকৌ ডিজিটেল মিটাৰৰ সলনি ষ্মাৰ্ট মিটাৰ লৱলৈ বাধ্য কৰিব বিচাৰিছে। এয়াও এক দৰিদ্ৰ পৰিয়ালৰ গ্ৰাহকক শোষণ কৰা তথা চৰকাৰে ধন ঘটা কৌশল। ডিজিটেল মিটাৰতে

অজশ্ৰ বিসংগতি ইয়াৰ পিছত ষ্মাৰ্ট মিটাৰত প্ৰতিটো ঢিমিক ধামাকতে বিল অথৱা মাছুলত বিতৰ্ক হোৱাটো খাটাং। আনহাতে পূৰ্বেও কামৰূপ জিলাৰ বকোৰ বিদ্যুৎ গ্ৰাহকে বিদ্যুৎ মাছুল আদায় দিছিল যদিও গ্ৰাহক সকলোৰ আহুকাল হোৱা নাছিল কিন্তু এই খন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পিছত শক্তি বিভাগৰ বিদ্যূৎ সেৱাত শক্তি নোহোৱা হৈছে যদিও বিদ্যুৎ বিল আকাশলঙ্ঘী হৈছে। শক্তি বিভাগৰ শক্তি হ্ৰাস পাইছে কিন্তু ঢিমিক ধামাক লুকা ভাকু বৃদ্ধি পাইছে। উল্লেখ্য যে ডিজিটেল মিটাৰ অহাৰ পিছত গ্ৰাহকে বুজি নাপায় মিটাৰত কিমান ইউনিট বিল ব্যৱহাৰ হৈছে। ইয়াৰ বাবে গ্ৰাহকে কাৰ্য্যালয় কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰিলেও

চালে বেৰে কোবাই গ্ৰাহকক বুৰ্বক বনাই পঠিয়াই দিয়ে। মুঠৰ ওপৰত বকোৰ বিদ্যুৎ সম্প্ৰসাৰণ বিষয়াৰ তত্বাৱধানত চলি থকা বিদ্যুৎ সেৱাত পয়ালাগিছে। কাৰিকৰী বিভাগত অভিজ্ঞ নোহোৱা বাবে বকোৰ বিদ্যুৎ বিষয়া গৰাকীয়ে সঠিক ভাৱে বিদ্যুৎ যোগান ধৰিব পৰা নাই বুলি এক প্ৰকাৰৰ উপহাস কৰে বকোৰ সমাজ সচেতন নাগৰিকে। আনহাতে বকো বজাৰৰ নিচেই কাষতে থকা গাওঁ কালিয়াবড়ীত স্থাপন কৰা ট্ৰেঞ্চফাৰ্মাৰটোৰ পৰা সম্প্ৰসাৰণ হোৱা বিদ্যুতৰ সেৱা প্ৰায়েই বিছিন্ন হৈ থাকে। এই অভিযোগ বিভাগৰ কাৰিকৰী শাখাক অৱগত কৰিলেও শাখাৰ দায়িত্বত থকা সকলে দায়িত্ব পালন কৰাত হেমাহি কৰে বুলি জানিব দিয়ে গাওঁৰ একাংশ গ্ৰাহকে।

Leave A Reply

Your email address will not be published.