ashomiyapatrika.com

বকোতো চৰকাৰৰ নতুন পেন্সন নীতি বাতিলৰ দাবীত শিক্ষক কৰ্মচাৰীৰ কৰ্ম বিৰতি পালনঃ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

0 60

বকোঃ ৰাজ্যৰ চৰকাৰী বিভাগ সমুহত সেৱা আগবঢ়োৱা কৰ্মচাৰী সকলোৰ অৱসৰকালীন চৰকাৰী সুবিধা নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত ৰাজ্য জুৰি এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত আৰু অন্যান্য প্ৰতিষ্ঠিত কৰ্মচাৰী সন্থাৰ সহযোগত চলি আছে দুই দিনীয়া কৰ্মবিৰতি। সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ দ্বাৰা ঘোষিত প্ৰস্তাবিত দুইদিনীয়া কৰ্ম বিৰতি কামৰূপ জিলাৰ বকো আৰু ছমৰীয়াতো শিক্ষক আৰু কৰ্মচাৰীয়ে পালন কৰে। কৰ্মচাৰী সকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ

আহ্বানত বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ উপৰিও বকো অঞ্চলৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী গোট, বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বালিঝাৰ হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকলেও কৰ্ম বিৰতি কাৰ্য্যসূচী পালন কৰে। কৰ্মচাৰী সকলৰ অৱসৰী জীৱন সুৰক্ষা আৰু নিৰাপত্তা বিচাৰি আজি সৰ্বাত্মক কৰ্ম বিৰতি হিচাপে আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰে। চৰকাৰে এন পি এছ কৰ্মচাৰী সন্থাৰ দাবীৰ ভিত্তিত পুৰণি পেন্সন নীতি বাহাল নাৰাখিলে আৰু নতুন পেন্সন নীতি বাতিল নকৰিলে সন্থাই আৰু অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি চৰকাৰক সকিয়াই নিয়ে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ নতুন

পেঞ্চন নীতি বাতিল আৰু পুৰণি পুৰণি পেঞ্চন পুন:প্ৰৱৰ্তন তথা বাহাল ৰখা বকো আঞ্চলিক সমিতিৰ সভাপতি জগত চন্দ্ৰ দাস আৰু সম্পাদক মিন্টু পাটোৱাৰী সহ অন্যান্য কৰ্মচাৰী সকলে বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। আনহাতে কৰ্ম বিৰতি সন্দৰ্ভত ছমৰীয়া আঞ্চলিক সমিতিয়ে ছমৰীয়া ৰাজহ চক্ৰ বিষয়াকো এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.