কৃষক মুক্তিৰ কামৰূপ জিলাৰ প্ৰচাৰ সম্পাদক ৰূপজ্যোতি কাকতিৰ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাত চূড়ান্ত ব্যৰ্থ অসম আৰক্ষী
অপহৰণকাৰীয়ে সামৰিক পোছাক পিন্ধি আৰক্ষীৰ গাড়ী ব্যৱহাৰ কৰাতো ৰহস্যজনক – কৃষক মুক্তি
গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ৰূপজ্যোতি কাকতিক আজি বিহদিয়াস্থিত কৰ্মস্থলীৰ পৰা ঘৰলৈ যাবলৈ গাড়ীৰ বাবে পথৰ কাষত ৰৈ থাকোতে সন্ধিয়া ৭.৩০ মান বজাত থাকোতে অসম পুলিচ লিখা এখন বলেৰ গাড়ীত অহা সামৰিক বাহিনীৰ সাজ পিন্ধা তিনিজন লোকে জোৰকৈ গাড়ীত উঠাই লৈ যায়। গাড়ীৰ ভিতৰত মাৰ পিট কৰি ইনজেকচন দি পেলাই থৈ দুৰ্বৃত্তৰ দলটো কোনো স্থানত ৰওঁতে ৰূপজ্যোতিয়ে গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি জপিয়াই দিওঁতে অন্য মানুহে দেখাত ধৰা পৰাৰ ভয়ত দুৰ্বৃত্তৰ দলটোৱে ৰূপজ্যোতিক তাতেই এৰি পলায়ণ কৰে। এই ঘটনাই ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰকৃত
স্বৰূপ, তথাকথিত স্মাৰ্ট পুলিচৰ দুৰ্বল ৰূপ ৰাজ্যবাসীৰ ওচৰত উদঙাই দিয়ে। ফুট গধূলিতে ঘৰলৈ যাবলৈ ৰৈ থকা লৰা এজনক অসম পুলিচ লিখা গাড়ীত পিষ্টল সহ সামৰিক পোচাকত অহা মানুহে অপহৰণ কৰিবলৈ যত্ন কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱেন শৰ্মা, ৰাজু বৰা, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, বিতু সোণোৱালে কয় যে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ দিনত পঞ্চায়তত হোৱা দুৰ্নীতি, ইয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত দাদাগিৰি কৰি বিজেপিৰ লোকক প্ৰতিবাদৰ পৰা উঠাই নিয়া, চিলনী চুৰৰ দৰে মহিলাৰ পৰা ফোন কাঢ়ি নিয়া ইত্যাদি বিভিন্ন কাৰ্যৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম
সমিতিয়ে দীৰ্ঘকালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি অহা উপৰিও চচিয়েল মিডিয়াত জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হোৱাৰ ফলত জনপ্ৰতিনিধিৰ ৰূপত গুণ্ডাগিৰি কৰা দিগন্ত কলিতাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যক টাৰ্গেট কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰে। লগতে কয় যে নামত স্মাৰ্ট বুলি বুকু ফিন্দাই থকাতলৈ ৰাইজৰ কষ্টৰ ধনেৰে দৰমহা লোৱা পুলিচ প্ৰশাসনে অন্ততঃ নিজৰ দায়িত্ব পালন কৰি ৰাইজক জীৱন নিৰাপত্তা সুনিশ্চিত কৰক। ২৪ ঘণ্টা হৈ যোৱাৰ পাছতো দুৰ্বৃত্তক কৰায়ত্ত কৰিব নোৱাৰাটো প্ৰকৃততে দুৰ্ভাগ্যজনক৷