ashomiyapatrika.com

বকোত ৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ উদযাপনৰ প্ৰস্তুতি

0 43

বকো আৰু বাইহাটা চাৰিআলিত প্ৰকল্প প্ৰস্তুতিৰ শিক্ষক প্ৰশিক্ষণ সম্পন্নঃ স্মৃতিগ্ৰন্থ প্ৰকাশৰো প্ৰস্তুতি

বকোঃ ৩১সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ কামৰূপ জিলা সমিতিৰ সমাৰোহ খন এইবেলি বকো উচ্চ মাধ্যমিক বিদ্যালয়ত অহা ১ অক্টোবৰত অনুষ্ঠিত কৰিবলৈ যো-জা চলোৱা হৈছে। অনুস্থানৰ প্ৰস্তূতি সম্পৰ্কে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ সভা কক্ষত অলপতে অনুষ্ঠিত এখনি সভাত এই সিদ্ধান্ত লোৱা হয় বুলি সমাৰোহৰ কামৰূপ জিলাৰ আয়োজন সমিতিৰ সভাপতি ড° গণেশ্বৰ চহৰীয়াই জানিবলৈ দিয়ে। সেই মৰ্মে আগতীয়া পৰিকল্পনা গ্ৰহণৰ উদ্দেশ্যে বিদ্যালয়সমূহৰ পৰিদৰ্শক, কামৰূপৰ এক নিৰ্দেশনা অনুসৰি জিলা খনৰ দক্ষিণ পাৰৰ বকো উচ্চ মাধ্যমিক বিদ্যালয়ত ছমৰীয়া, বকো,

ছয়গাঁও, ৰামপুৰ, ৰাণী শিক্ষাখণ্ডৰ আৰু উত্তৰ পাৰৰ ফালৰ আগডালা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাইহাটা চাৰিআলিত হাজো, কমলপূৰ, কৰৰা, ৰঙিয়া শিক্ষাখণ্ডৰ বিভিন্ন বিদ্যালয়ৰ ১০৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক প্ৰকল্প প্ৰস্তুতিৰ ক্ষেত্ৰত কোনো ভুল – ত্ৰুটি ৰৈ নাযাবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। ইফালে বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেশ মহন্তই উদ্বোধনী কৰা বকোৰ প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ, কামৰূপ জিলাৰ আয়োজন সমিতিৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ তথা হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গণেশ্বৰ চহৰীয়া, অসম চৰকাৰৰ

অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক তথা শৈক্ষিক অধ্যক্ষ দীনেশ চন্দ্ৰ কলিতা, কামৰূপ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা জিলা সমন্বয়ক আলতাফ হুছেইন খন্দকাৰ , বি পি চলিহা‌ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° সূৰ্য কলিতা, সিদ্ধিনাথ বিদ্যামন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মোস্তফা কামাল আহমেদৰ লগতে সহযোগিতা আগবঢ়ায় আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৱিত্ৰ কৈৱৰ্ত্ত‌ই । আনহাতে আগডালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বীণাপাণি বৰ্মনে উদ্বোধন কৰা বাইহাটা চাৰিআলিৰ প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে

অংশগ্ৰহণ কৰে পূব মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা জিলা শৈক্ষিক সমন্বয়ক তীৰ্থমণি ডেকা, দৰাকহ্‌ৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মদন মোহন কলিতা, মুক্তাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ৰেখা ৰাণী শৰ্মা আৰু জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নজৰুল হক চৌধুৰীয়ে। এইবাৰৰ সমাৰোহৰ লগত সংগতি ৰাখি এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰো সিদ্ধান্ত লোৱা হৈছে, য’ত বিগত কালছোৱাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ কামৰূপ জিলাৰ ইতিবৃত্তান্ত, বিগত সমাৰোহবোৰত জিলা, ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিশু বিজ্ঞানীৰ পৰিচয়ৰ লগতে এই বৰ্ষৰ প্ৰকল্প

প্ৰস্তুতকাৰীৰ দলীয় নাম আৰু প্ৰকল্প নাম অন্তৰ্ভুক্তিৰে চেষ্টা কৰা হ’ব৷ সেয়ে জিলাখনৰ প্ৰতিখন চৰকাৰী – বেচৰকাৰী বিদ্যালয়ে ১০ বছৰৰ পৰা ১৭ বছৰ বয়সৰ দুটা শাখাত অনুষ্ঠিত হ’বলগীয়া সমাৰোহৰ প্ৰকল্প প্ৰতিবেদন অহা ১৫ ছেপ্টেম্বৰত নিৰ্দিষ্ট দায়িত্ব থকা ব্যক্তিৰ হাতত অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছে যাতে কোনেও স্মৃতিগ্ৰন্থৰ পৰা বাদ পৰি নাযায়। আয়োজক সমিতিয়ে জনোৱা মতে এই সমাৰোহত প্ৰতিখন বিদ্যালয়ে এটিতকৈ অধিক প্ৰকল্প প্ৰস্তুত কৰি জিলাখনত হাতে-কামে বিজ্ঞান শিক্ষা প্ৰসাৰত অগ্ৰসৰ হৈ জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.