অসম চৰকাৰৰ বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীৰ সাজ-পোছাক পৰিধান নিদেৰ্শনাক ধিং মহাবিদ্যালয়ত আদৰণি
ধিংঃ শেহতীয়াকৈ অসম চৰকাৰ ফালৰ পৰা বতমান বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাক পৰিধান ক্ষেত্ৰত যি নীতি নিয়ম তথা নিদেৰ্শনাৱলী প্ৰদান কৰিছে এই নিদৰ্শনাৱলীক নগাঁও জিলাৰ ধিং মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা সকলে আদৰণি জনোৱা পৰিলক্ষিত হৈছে৷ বিদ্যালয় বা মহাবিদ্যালয় সমূহৰ শ্ৰেণী কোঠাত আমাৰ সংস্কাৰ, পৰম্পৰা, ৰীতিনীতি, মাৰ্জিত সাজ-পোচাক এই শব্দবোৰত ক’ৰবাত যেন যতি চিহ্ন পৰিছে নেকি ? সেই যতি চিহ্নৰ বাবেই এই নিদেৰ্শনা নেকি ? সাধাৰণতে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক-শিক্ষকয়িত্ৰীক আদৰ্শ হিচাপে ভাৱে আৰু বহু ক্ষেত্ৰত অনুকৰণ কৰিবলৈ চেষ্টা কৰে৷
গতিকে তেনে ক্ষেত্ৰত যাতে ছাত্র-ছাত্রী সকলৰ শিক্ষক শিক্ষয়িত্ৰী ফালৰ পৰা সাজ – পোছাক, আচৰন আদিত যাতে বিৰূপ প্রভাৱ নেপেলায় তাৰ বাবে যথেষ্ট সচেতনা অৱলম্বন কৰিব লাগিব৷ সেই বাবেই চৰকাৰৰ এই নিদেৰ্শনা মানি মাৰ্জিত সাজ-পোছাক পৰিধান কৰি শ্ৰেণী কোঠাত পাঠদান কৰিব লাগে৷ সেয়েহে আজি সাজ- পোছাক পৰিধান আদি বিতৰ্কৰ পৰা আঁতৰত থাকি নতুন শিক্ষা বছৰ আৰম্ভ হৈছে লগতে চাৰি বছৰীয়া শিক্ষা নীতি যি প্ৰবত্তন হৈছে, তাক জানিব বা শিকিব লগা বহু আছে৷ গতিকে সাজ- পোছাক পৰিধান আদি যি বিতৰ্কৰ তাৰ অৱসান ঘটাই আজি ধিং মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা সকলে শ্ৰেণী কোঠা সমূহত প্ৰবেশ কৰা পৰিলক্ষিত হৈছে৷ তেওঁলোকৰ চিন্তা ধাৰা এটাই যাতে ছাত্ৰ-ছাত্রী সকলক সমাজত সু-নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে৷